অসম

assam

ETV Bharat / state

পথৰ মেৰামতিৰ দাবীত মৰিগাঁৱত আছুৰ প্ৰতিবাদ - মৰিগাঁও জিলা ছাত্ৰ সন্থা

দীৰ্ঘদিন ধৰি সদাব্যস্ত জৰাজীৰ্ণ পথটোৰ বাবে দুৰ্ভোগ ভুগি আহিছে সৰ্বসাধাৰণ ৰাইজ ৷ তদুপৰি, বিধ্বস্ত পথটোৰ বাবে একাধিক দুৰ্ঘটনাও সংঘটিত হৈছে ৷ কিন্তু ৰাইজৰ সমস্যাক একপ্ৰকাৰ ভেঙুচালি কৰি কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী তথা বিভাগীয় কৰ্তৃপক্ষই ৷ ইয়াৰ লগতে প্ৰতিবাদকাৰীৰ অভিযোগ, মৰিগাঁও চহৰৰ উন্নয়নৰ বাবে কোটি কোটি টকাৰ অনুমোদন দিয়া হৈছে যদিও আজিপৰ্যন্ত সলনি হোৱা নাই মৰিগাঁৱৰ উন্নয়নৰ ছবি ৷

AASU protests in Marigaon demanding repair of roads
পথৰ মেৰামতিৰ দাবীত মৰিগাঁৱত আছুৰ প্ৰতিবাদ

By

Published : Sep 29, 2020, 4:37 PM IST

মৰিগাঁও, 29ছেপ্তেম্বৰঃমৰিগাঁও চহৰৰ মাজমজিয়াৰ মৰিগাঁও-ভূৰবন্ধা সংযোগী পথৰ মেৰামতিৰ দাবীত মঙলবাৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিধায়ক ৰমাকান্ত দেউৰী হায় হায়, গড়কাপ্তানি বিভাগ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে লগতে ৰাজপথত বাঁহ বান্ধি উত্তাল প্ৰতিবাদ কৰে আছুৱে ৷

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি সদাব্যস্ত জৰাজীৰ্ণ পথটোৰ বাবে দুৰ্ভোগ ভুগি আহিছে সৰ্বসাধাৰণ ৰাইজে ৷ তদুপৰি, বিধ্বস্ত পথটোৰ বাবে একাধিক দুৰ্ঘটনাও সংঘটিত হৈছে ৷ কিন্তু ৰাইজৰ সমস্যাক একপ্ৰকাৰ ভেঙুচালি কৰি কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী তথা বিভাগীয় কৰ্তৃপক্ষই ৷ ইয়াৰ লগতে প্ৰতিবাদকাৰীৰ অভিযোগ,মৰিগাঁও চহৰৰ উন্নয়নৰ বাবে কোটি কোটি টকাৰ অনুমোদন দিয়া হৈছে যদিও আজিপৰ্যন্ত সলনি হোৱা নাই মৰিগাঁৱৰ ছবি ৷

পথৰ মেৰামতিৰ দাবীত মৰিগাঁৱত আছুৰ প্ৰতিবাদ

যাৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ লগতে জিলা ছাত্ৰ সন্থাই পথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে, প্ৰতিবাদৰ মাজতে আৰক্ষী প্ৰশাসনেৰে তৰ্কাতৰ্কিতো লিপ্ত হয় আছু কৰ্মী সকল ৷ আনহাতে, আছু কৰ্মী সকলে সমগ্ৰ বিষয় সন্দৰ্ভত জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে 7 দিনৰ ভিতৰত পথৰ মেৰামতি নকৰিলে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃ"বিটিচি বিটিআৰ হৈছে বুলি ওলোৱা নিৰ্দেশনা সাংবিধানিক নহয়" : হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details