অসম

assam

By

Published : Jun 11, 2021, 12:07 PM IST

ETV Bharat / state

মৰিগাঁৱত ছাত্ৰ সংহতি দিৱস পালন আছুৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱৰ ভূৰবন্ধাতো ছাত্ৰ সংহতি দিৱস (Satra sanghoti diwas) পালন কৰিলে সদৌ অসম ছাত্ৰ সন্থা (AASU)ই । শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ।

AASU observed Satra sanghoti day at Morigaon
মৰিগাঁৱত ছাত্ৰ সংহতি দিৱস পালন AASUৰ

মৰিগাঁও, ১১ জুন: ১৯৭৪ ৰ খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি (Gajen Ingti) আৰু পুতুল শইকীয়া (Putul Saikia)ক স্মৰণ কৰিলে মৰিগাঁও জিলা ছাত্ৰ সন্থাই । বৃহস্পতিবাৰে মৰিগাওঁ জিলা ছাত্ৰ সন্থা (AASU)ৰ উদ্যোগত আৰু ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থা (AASU)ৰ সহযোগত ভূৰবন্ধাত ছাত্ৰ সংহতি দিৱস( Satra sanghoti diwas) পালন কৰা হয় ।

মৰিগাঁৱত ছাত্ৰ সংহতি দিৱস পালন AASUৰ

পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মৰিগাঁও জিলা ছাত্ৰ সন্থা (AASU)ৰ সভাপতি দিপুল কুমাৰ নাথে । শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে ।আনহাতে, সদৌ অসম ছাত্ৰ সন্থা (AASU)ৰ উপ-সভাপতি উৎপল শৰ্মাই দুয়োগৰাকী শ্বহীদৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ।

মৰিগাঁৱত ছাত্ৰ সংহতি দিৱস পালন AASUৰ

এই কাৰ্যসূচীত মৰিগাঁও জিলা ছাত্ৰ সন্থা (AASU)ৰ বিষয়ববীয়া কুঞ্জ বৰা, শিৱ প্ৰসাদ দাস, সুদীপ্ত ভাগৱতী, সহকাৰী সম্পাদক দিব্যজ্যোতি চৌধুৰী, শিক্ষা সম্পাদক লোকেন্দ্ৰ ছেত্ৰী, মুখ্য সাংগঠনিক সম্পাদক জেকিবুৰ ৰহমান, ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকৰ লগতে জিলা আৰু আঞ্চলিক পৰ্যায়ৰ সদস্যসকল উপস্থিত থাকে ।

মৰিগাঁৱত ছাত্ৰ সংহতি দিৱস পালন AASUৰ

লগতে পঢ়ক:কৰিমগঞ্জত ৰাইজৰ তৎপৰতাত জব্দ গৰু ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details