অসম

assam

মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্যে মৰিগাঁৱত আপৰ প্ৰতিবাদ

By

Published : Oct 31, 2020, 6:47 PM IST

মৰিগাঁৱত আম আদমী পাৰ্টীৰ প্ৰতিবাদ ৷ হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Aam Aadmi Party's protest in Morigaon aimed at curbing price rise
মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্য মৰিগাঁৱত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

মৰিগাঁও, 31 অক্টোবৰ : শনিবাৰে মৰিগাঁৱত আম আদমী পাৰ্টীৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে জিলা উপায়ুক্তৰ জৰিয়তে ।

মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্য মৰিগাঁৱত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ মৰিগাঁও জিলা সমিতিয়ে ৷ মৰিগাঁও জিলা সমিতিৰ মুখ্য সমন্বক দিপাংকৰ ৰাজবংশীৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি চহৰখনৰ মাজমজিয়াত বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড,বেনাৰ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই কয় যে,শীঘ্ৰে যদিহে চৰকাৰে মূল্য বৃদ্ধি ৰোধ নকৰে তেতিয়াহ'লে আন্দোলন চলাই নিবলৈ বুলি জানিব দিয়ে ৷

লগতে পঢ়ক :আমগুৰিত দুষ্কৃতিকাৰীয়ে ভাঙিলে ফলকঃ বিৰোধীলৈ আঙুলি অগপকৰ্মীৰ

ABOUT THE AUTHOR

...view details