অসম

assam

ETV Bharat / state

19 টা বছৰে উপেক্ষিত এগৰাকী মহিলা : পথৰ কাষত এখন টিনৰ চালিৰ তলতে কটাইছে জীৱন - প্ৰণাম

সাধুকথাত শুনা এগৰাকী লাগী আৰু এগৰাকী এলাগী কাহিনীৰ যেন এয়া পুনৰাবৃত্তি ৷ প্ৰায় দুটা দশক ধৰি এলাগীৰ জীৱন কটাই আহিছে এগৰাকী উপেক্ষিত মাতৃয়ে ৷ পথৰ দাঁতিৰ এখন টিনৰ চালিৰ তলতে এসাঁজ খাই এসাঁজ লঘোণ দি মৃত্যুৰ ক্ষণ গণিছে মৰিগাঁৱৰ কণ্টিলা দাসে ৷

marigoan

By

Published : Apr 6, 2019, 10:06 AM IST

মৰিগাঁও , 06 এপ্ৰিল : আইৰ সমান হ’ব কোন ? নৈ সমান ব'ব কোন ? হয় , আই সমান কোনো হ’ব নোৱাৰে। পিছে এনে মমতাময়ী,কৰুণাময়ী মাতৃ যেতিয়া উপেক্ষিত হয় ৷ যিখিনি সময়ত পৌঢ় পিতৃমাতৃৰ ভৰণ পোষণ বাবে ৰাজ্যত প্ৰণয়ন হৈছে প্ৰমাণ আইন , তেনে সময়তে মৰিগাঁৱত এগৰাকী মাতৃৰ 19 বছৰীয়া দুৰ্বিসহ উপেক্ষিত জীৱন । এষাৰি নিদানৰ মাত দিবলৈ নাই কাৰো আহৰি । কণ্টিলা দাস নামৰ মৰিগাঁৱৰ মাতৃ গৰাকীয়ে বিগত 19 বছৰে পাৰ কৰিছে এক অবৰ্ণনীয় জীৱন । প্ৰয়াত স্বামী লক্ষীকান্ত দাসৰ মাটি বাৰী ,ঘৰ থকাৰ পাছতো এই পথৰ দাঁতিৰ এখন টিনচালিৰ তলতে এসাঁজ খাই এসাঁজ লঘোণে থাকি মৃত্যুৰ ক্ষণ গণিছে ।

19 টা বছৰে উপেক্ষিত এগৰাকী মহিলা

কণ্টিলা দাসৰ স্বামীয়ে দুগৰাকী বিয়াপতাৰ পাছতে এলাগী হৈ পৰিল প্ৰথমা পত্নী । সৰু পত্নী আৰু তেঁওৰ পুত্ৰই মাটি বাৰী,সম্পত্তিৰ ভাগ নিদিয়াত মৰিগাঁও চহৰৰ এৰাগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাষত পথৰ দাঁতিত টিনৰ চালিৰ তলতে বিধবা জীয়েক আৰু জী নাতিৰ সৈতে বাস কৰি আহিছে । অকাল বৈধব্যক সাৱতি লোৱা কন্যা পূৰ্ণিমাই আনৰ ঘৰত কাম কৰি বৃদ্ধ মাতৃক দিয়ে পোহপাল । মনকৰিবলগীয়া যে, মৰিগাঁও ন্যায়ালয়ত প্ৰাপ্য অধিকাৰৰ বাবে সৰুগৰাকী মাতৃৰ সন্তানৰ বিৰুদ্ধে গোচৰ অব্যাহত আছে । ন্যায়ালয়ৰ নিদ্দেৰ্শনাকো কেৰেপ নকৰে সৰু মাতৃৰ সন্তানে । ফলত অতি দৃষ্টিকটুভাৱে মানৱতাক ভেঙুচালি কৰি এনেদৰে মৃত্যু অথবা ন্যায়ৰ আশাত বন্দী এইগৰাকী অৱহেলিত শতায়ু গৰকা মাতৃ ।

ABOUT THE AUTHOR

...view details