মৰিগাঁও, 2 অক্টোবৰ :ৰাজ্যত যেন এতিয়া ৰাজনৈতিক দল খোলাৰ এক অঘোষিত প্ৰতিযোগিতাহে চলিছে ৷ এইবাৰ জনজাতি সমূহৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ উদ্দেশ্যে জনজাতি সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত নতুন দল গঠনৰ উক মুকনি ৷
সেই উপলক্ষে আগন্তুক 15 অক্টোবৰত গুৱাহাটীৰ ITA চেন্টাৰত হ'ব এখন অভিৱৰ্তন আৰু তাতেই জন্ম লাভ কৰিব এটা নতুন আঞ্চলিক ৰাজনৈতিক দলে ৷ জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক আদিত্য খাকলাৰীয়ে প্ৰকাশ কৰা অনুসৰি দলটোৰ নাম United Peoples Front হোৱাৰ সম্ভাৱণা আছে ৷