মৰিগাঁও, 14 মাৰ্চ:সমাজত প্ৰচলিত কিছুমান পৰম্পৰাগত বিশ্বাস-লোকবিশ্বাসে প্ৰকৃতি সুৰক্ষাত ল'ব পাৰে গুৰুত্বপূৰ্ণ ভূমিকা ৷ যিসমূহ বিশ্বাস-লোকবিশ্বাস অথবা ৰীতি-নীতি সমাজৰ অভিন্ন অংগ ৷ শেহতীয়াকৈ এনে এক পৰিঘটনাই দেখিবলৈ পোৱা গৈছে মৰিগাঁও জিলাত ৷
ধৰ্মীয় বিশ্বাসে সুৰক্ষা দিছে এজাক মৌক ৷ কলীয়া গোসাঁই থানৰ চৌহদত বৰ মৌৰ বৃহৎ মৌচাকে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে প্ৰাকৃতি প্ৰেমীৰ (Honeycomb of a tree attracted the attention of nature lovers) । মৌ জাকৰ নিৰাপদ আশ্ৰয় স্থলত পৰিণত হৈছে কলীয়া গোসাঁই থানৰ বৰগছজোপা ৷ মৌ ৰস সংগ্ৰহ বা পাৰিবলৈ সাহস নকৰে কোনোৱে।
মৰিগাঁৱৰ কুশতলী পথৰ কলীয়া গোসাঁই থানৰ এজোপা বৰগছত আশ্ৰয় লোৱা বৰ মৌৰ বাহে এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে সকলোৰে (Morigaon News)। থানখনক লৈ প্ৰচলিত আছে অনেক লোকবিশ্বাস (Kolia Gosain Than Morigaon) ৷ বিশ্বাস নে অন্ধবিশ্বাস এই লৈ বিভিন্ন জনৰ বিভিন্ন মত। স্থানীয় বাসিন্দাসকলৰ মতে হাৰিয়া পাৰৰ কলীয়া গোসাঁই থানলৈ দৈনিক আহে কলীয়া গোসাঁই । জিৰণি লয় বৰগছ জোপাত।
প্ৰচলিত এই লোকবিশ্বাসে এতিয়া সুৰক্ষা দিছে গছডালৰ লগতে গছডালত আশ্ৰয় লোৱা লাখ লাখ মৌক, সুৰক্ষা দিছে গছডালত আশ্ৰয় লোৱা চৰাইকো ৷ এই লোকবিশ্বাসৰ ফলতেই গছডালত আশ্ৰয় লোৱা কোনো পশুপক্ষী বা জীৱ জন্তুৰ হানি কৰিব নোৱাৰে দুষ্কৃতিকাৰীয়ে । যাৰ বাবে এতিয়া প্ৰকৃতি প্ৰেমীসকলৰ আকৰ্ষণৰ উৎস হৈ পৰিছে কলীয়া গোসাঁই থানৰ এই বৃহৎ মৌচাক (Honeycomb on tree)।