অসম

assam

ETV Bharat / state

মৈৰাবাৰীত সাংবাদিকৰ তৎপৰতাত এগৰাকী অসহায় বৃদ্ধক উদ্ধাৰ - a journalist rescue a old man in moirabari

এজন সাংবাদিকে মানৱীয়তাৰ পৰিচয় দি উদ্ধাৰ কৰিলে এগৰাকী অসহায় বৃদ্ধক ৷ মৈৰাবাৰী বজাৰস্থিত গৰু মহলৰ পৰা বৃদ্ধ ব্যক্তিজনক উদ্ধাৰ বৃদ্ধাগৰাকীক ৷

a journalist rescue a old man in moirabari
সাংবাদিকৰ তৎপৰতাত মৈৰাবাৰীত এগৰাকী বৃদ্ধা উদ্ধাৰ

By

Published : Jun 4, 2021, 8:52 PM IST

ধিং, 4 জুন : বুধবাৰে মৈৰাবাৰীত এজন সাংবাদিকে মানৱীয়তাৰ পৰিচয় দি এগৰাকী অসহায় বৃদ্ধক প্ৰেৰণ কৰে বৃদ্ধাশ্ৰমলৈ ৷ সমগ্ৰ দেশৰ জনজীৱন অস্থিৰ কৰি তোলা কৰ’ণা মহামাৰীৰ বিভীষিকাৰ ভয়াৱহতাৰ মাজতে বুধবাৰে মৈৰাবাৰী প্ৰেছ ক্লাবৰ এদল সাংবাদিকে মৈৰাবাৰী বজাৰৰ গৰু মহলৰ এটি কদৰ্যময় পৰিৱেশৰ মাজৰ পৰা এজন অসহায় বৃদ্ধাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বৃদ্ধজন যোৱা কিছু দিন ধৰি এক অসহায় অৱস্থাত কোনো মতে জীয়াই আছিল । ঠিকনাবিহীন বৃদ্ধগৰাকীয়ে যোৱা কিছু দিনধৰি পৰি থকাৰ দৃশ্য মৈৰাবাৰী প্ৰেছ ক্লাৱৰ এদল সাংবাদিকে প্ৰত্যক্ষ কৰে ৷ মৈৰাবাৰী বজাৰস্থিত গৰু মহলৰ পৰা বৃদ্ধ ব্যক্তিজনক উদ্ধাৰ কৰে ৷ উল্লেখযোগ্য যে, এই বৃদ্ধ ব্যক্তিজন যোৱা কিছুদিন ধৰি মৈৰাবাৰী বজাৰত অতি কষ্টসাধ্য সময় অতিবাহিত কৰি আছিল যদিও কোনো এজন লোকে উক্ত ব্যক্তিজনক উদ্ধাৰ কৰা নাছিল ৷

লগতে পঢ়ক :পুনৰ বন্ধ হৈ পৰিব নেকি শৰাইঘাটৰ পুৰণি দলং ?

ABOUT THE AUTHOR

...view details