অসম

assam

ETV Bharat / state

চৰকাৰে নহয়, ব্যক্তিগত প্ৰতিষ্ঠানেহে নিৰ্মাণ কৰিলে বিদ্যালয় - Khalsa Center Northeast

মৰিগাঁৱত বানপানীয়ে বিধ্বস্ত কৰা এখন বিদ্যালয় নতুনকৈ স্থাপন কৰিলে Khalsa Center Northeast নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্য় সকলে ৷

SCHOOL BUILD
চৰকাৰে নহয় মৰিগাঁৱত ব্যক্তিগত প্ৰতিষ্ঠানে নিৰ্মাণ কৰিলে বিদ্যালয়

By

Published : Dec 27, 2020, 6:23 PM IST

মৰিগাঁও,27 ডিচেম্বৰঃউল্লেখ্য যে ২০১৮ বৰ্ষত ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে নিমিষতে বিধ্বস্ত কৰিছিল মৰিগাঁও জিলাৰ দক্ষিণ টেঙাগুৰি প্ৰাথমিক বিদ্যালয় খনৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ তথা বহু কৃষিভূমি । ইফালে বিদ্যালয়খন বানে উটুৱাই নিয়াৰ ফলত দীৰ্ঘ দিন ধৰি জুপুৰি ঘৰ তথা ৰ'দ,বৰষুণৰ মাজতে পাঠদান গ্ৰহণ কৰিবলগীয়া হৈছে কণ কণ ছাত্র-ছাত্ৰী সকলে ।

চৰকাৰে নহয় ব্যক্তিগত প্ৰতিষ্ঠানে নিৰ্মাণ কৰিলে বিদ্যালয় গৃহ

আনহাতে বিদ্যালয়খন মেৰামতিৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সহায়ৰ বাবে আগবাঢ়ি আহিল মৰিগাঁৱৰ Khalsa Centre Northeast নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলে ৷ সংগঠনটোৰ সদস্য সকলে বিদ্যালয় গৃহটি পুনৰ নিৰ্মাণ কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পাঠ গ্ৰহণ কৰাৰ বাবে সুবিধা কৰি দিয়ে।

দেওবাৰে নৱ নিৰ্মিত বিদ্যালয় গৃহটো শুভ উদ্বোধনীৰ এক অনুষ্ঠান অনুস্থিত হয় ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা শিক্ষা বিষয়া কমল জ্যোতি গগৈৰ লগতে প্ৰাথমিক শিক্ষা বিষয়া হোমেশ্বৰ কেওট, বহুকেইখন বিদ্যালয়ৰ একাংশ শিক্ষকৰ লগতে Khalsa Centre Northeast ৰ বিষয়-ববীয়া সকল । স্বেচ্ছাসেৱী সংগঠনটোৰ এনে মহানুভৱতাক মৰিগাঁও জিলা শিক্ষা বিভাগৰ লগতে স্থানীয় ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক- সৰিয়হৰ হালধীয়াৰে উপচিছে সোৱণশিৰি-ৰঙানদীৰ দুয়োপাৰ

ABOUT THE AUTHOR

...view details