মৰিগাঁওত বন্যাৰ্তৰ দ্বাৰা উদ্ধাৰ বানত উটি অহা হৰিণা - a dear rescued in morigaon
যিখিনি সময়ত একাংশ দুষ্কৃতিকাৰীৰ হাতত দুটাকৈ হৰিণাই প্ৰাণ হেৰুৱাব লগাত পৰিছে সেইখিনি সময়তে মৰিগাঁৱৰ বন্যাৰ্তৰ প্ৰশংসনীয় পদক্ষেপ । বানত উটি অহা হৰিণাক প্ৰাথমিক চিকিৎসাৰে গটালে বনবিভাগক
মৰিগাঁওত বন্যাৰ্তৰ দ্বাৰা উদ্ধাৰ বানত উটি অহা হৰিণা
মৰিগাঁও,16 জুলাই : মৰিগাঁৱত বন্যাৰ্তৰ প্ৰশংসনীয় পদক্ষেপ । মঙলবাৰে পুৱা মৰিগাঁৱৰ ভূৰাগাঁৱৰ জেংপৰী গাঁৱৰ এটা আশ্ৰয় শিবিৰ কাষত আশ্ৰয় লয় এটা হৰিণাই ৷ বানত ভোকাতুৰ হৈ অহা হৰিণাটো কুকুৰে কামোৰা সময়ত প্ৰত্যক্ষ কৰি ভোকাতুৰ কুকুৰটোৰ পৰা কথমপি ৰক্ষা কৰে আশ্ৰয় শিবিৰৰ লোকে ৷ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোক সকলে জুই তাপ, বিশল্যকৰণি আৰু মলম ঘহি সুস্থ কৰিলে আহত হৰিণাটোক ৷ সুস্থ হোৱাৰ পিছত হৰিণাটোক বনবিভাগক গটাই দিয়ে আশ্ৰই শিবিৰৰ লোকসকলে ৷