অসম

assam

ধিঙত সলিল সমাধি ডেৰ বছৰীয়া শিশুৰ

By

Published : Jan 3, 2021, 8:53 PM IST

ধিং থানাৰ অন্তৰ্গত মৈৰাধ্বজ গাঁৱৰ ছিদ্দিক আলী নামৰ এগৰাকী লোকৰ ডেৰ বছৰীয়া শিশুটি দুপৰীয়াৰ ভাগত ঘৰৰ পিছফালে থকা পুখুৰীত পৰি মৃত্যুক সাৱটি লয় ৷

ধিঙত সলিল সমাধি ডেৰ বছৰীয়া শিশুৰ
ধিঙত সলিল সমাধি ডেৰ বছৰীয়া শিশুৰ

ধিং, 3 জানুৱাৰী:ধিং থানাৰ অন্তৰ্গত মৈৰাধ্বজ গাঁও পঞ্চায়তৰ অকৰাবড়ী গাঁৱত সংঘটিত এক দুৰ্ঘটনা ৷ গাঁওখনৰ ছিদ্দিক আলী নামৰ এগৰাকী লোকৰ ডেৰ বছৰীয়া শিশুটি দুপৰীয়াৰ ভাগত ঘৰৰ পিছফালে থকা পুখুৰীত পৰি মৃত্যুক সাৱটি লয় ৷ স্থানীয় গাঁওবুঢ়াই শিশুটিৰ মৃত্যুৰ বিষয়ে স্থানীয় থানাত অৱগত কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ লোৱাৰ সময়তে বাধা প্ৰদান কৰে স্থানীয় লোকে ৷

তাৰ পাচতেই স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় তৰ্কযুদ্ধৰ সুত্ৰপাত হয় ৷ ধিং ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিতে পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ দেওবাৰে সন্ধিয়া শিশুটিক জানাজা সম্পন্ন কৰা হয় ৷ ছিদ্দিক আলী নামৰ লোকগৰাকীৰ একমাত্ৰ পুত্ৰ সন্তানটোৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি দিল্লী আৰক্ষীৰ জালত পিন্টু সিং

ABOUT THE AUTHOR

...view details