অসম

assam

ETV Bharat / state

মৰিগাঁৱত পুনৰ 74 গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ

সোমবাৰৰ দিনটোত মৰিগাঁও জিলাত 74 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণাৰ উপস্থিতি । ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে জিলাখনত ৷

74 persons New Covid-19 Positive At Morigaon
মৰিগাঁৱত পুনৰ 74 গৰাকীৰ দেহত ক'ভিড পজিটিভ

By

Published : May 4, 2021, 6:54 AM IST

মৰিগাঁও, 4 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এতিয়া ভয়ংকৰ হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ দিনক দিনে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ সমান্তৰালকৈ, মৰিগাঁৱতো ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে কৰ'ণা পৰিস্থিতিয়ে ৷

সোমবাৰে মৰিগাঁও জিলাৰ বিভিন্ন ক'ভিড পৰীক্ষা কেন্দ্ৰত 863 গৰাকী লোকক ক'ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল জিলা স্বাস্থ্য বিভাগে ৷ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পিছতে 74 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । ইফালে জিলাখনত বৰ্তমান কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 698 জনলৈ বৃদ্ধি পাইছে ।

মৰিগাঁৱত পুনৰ 74 গৰাকীৰ দেহত ক'ভিড পজিটিভ

উল্লেখ্য যে, যোৱা এপ্ৰিল মাহৰ পৰাই জিলাখনত মুঠ 36,784 গৰাকী লোকক ৰেপিড এন্টিজেন পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ভিতৰত 665 গৰাকীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰে। ইফালে সোমবাৰৰ দিনটো লৈকে জিলাখনত 698 গৰাকীলৈ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷

আনহাতে, এই কৰ'ণা ৰোগৰ পৰা আৰোগ্য লাভ কৰি মুঠ 120 গৰাকী লোকক ঘৰলৈ যাব দিয়া হৈছে । জিলাখনত বৰ্তমান হোম কোৱাৰেন্টাইন হৈ আছে 543 গৰাকীকৈ লোক আৰু চিকিৎসালয়ত 34 গৰাকী চিকিৎসাধীন বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ।

জিলাখনত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱা বুলি জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে ।

লগতে পঢ়ক-অখিলৰ বিজয় সন্দৰ্ভত মাতৃ প্ৰিয়দা গগৈৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details