অসম

assam

ETV Bharat / state

মৰিগাঁৱত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁৱত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত কৰা হয় গণৰাজ্য দিৱসৰ অনুষ্ঠান ।

By

Published : Jan 26, 2021, 6:48 PM IST

মৰিগাঁৱত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন
মৰিগাঁৱত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও, ২৬ জানুৱাৰী: মৰিগাঁৱত আজি পালন কৰা হ'ল ৭২ সংখ্যক গণৰাজ্য দিৱস । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই । ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ১৯৪২ৰ আন্দোলনৰ তিনিগৰাকী বীৰ শ্বহীদ ক্ৰমে হেমৰাম পাতৰ,গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ মূৰ্তিত ম্যাল্যাৰ্পণ কৰে ।

মৰিগাঁৱত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

আনহাতে, ভাষণ প্ৰসংগত মুখ্য অতিথি গৰাকীয়ে গণৰাজ্য দিৱস পালনৰ উদ্দেশ্যেৰ বিষয়ে চমু আলোকপাত কৰে । লগতে অসমক দেশৰ পাঁচ খন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে যাৱতীয় সকলো প্ৰয়াস কৰিব বুলি মন্তব্য কৰি চৰকাৰে কৰা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে ।

অনুষ্ঠানত মুখ্য অতিথি গৰাকীক সামৰিক অভিবাদন জনায় আৰক্ষী, এন চি চি আৰু স্কাউট-গাইডৰ দলে । আৰক্ষী-প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শান্তিপূৰ্ণভাৱে গণৰাজ্য দিৱসৰ অনুষ্ঠানটি সম্পন্ন হয় ।

লগতে পঢ়ক:বিশ্বনাথত গণৰাজ্য দিৱস পালন

ABOUT THE AUTHOR

...view details