মৰিগাঁও, ১ মেঃ পাঁচ শ বছৰ পুৰণি বহাগী মেলা মহোৎসৱ অঞ্চলজুৰি উলহ - মালহেৰে পালন কৰা হয় মৰিগাঁৱৰ শলমাৰীত। মহোৎসৱত আয়োজন কৰা হৰিনামৰ শ্ৰৱণ কীৰ্তনেৰে মুখৰিত হৈ পৰে শলমাৰীৰ আকাশ বতাহ । বিগত পাঁচ শ বছৰৰ দৰে এই বছৰো ১৭ বহাগৰ দিনটোত অঞ্চলৰ চহা সমাজৰ জনকল্যাণৰ বাবে উদযাপন কৰা হয় শ্ৰীকৃষ্ণ ঘুনুচা উৎসৱ ।
মৰিগাঁৱত পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ - পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ
মৰিগাঁৱত পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ পালন কৰে মৰিগাঁৱৰ শলমাৰীবাসীয়ে । বিগত পাঁচ শ বছৰৰ দৰে এই বছৰো ১৭ বহাগৰ উদযাপন কৰা এই মহোৎসৱৰ মূল উদ্দেশ্য হৈছে ৰাইজৰ কুশল মংগল ৷
![মৰিগাঁৱত পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3161475-thumbnail-3x2-five-2.jpg)
পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ
পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ
বিগত পাঁচশ বছৰতকৈ অধিক কাল ধৰি উদযাপন কৰি অহা হৈছে এই সনাতন তথা বৈদিক পৰম্পৰা। অঞ্চলটোৰ ৰাইজৰ বছৰজোৰা কুশল মংগলেই হৈছে এই মহোৎসৱৰ মূল উদ্দেশ্য। আনহাতে, এই প্ৰাচীন বহাগী মেলা মহোৎসৱৰ লগত সংগতি ৰাখি শলমাৰী গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰো এলানি সাংস্কৃতিক কাৰ্যসূচীও।