অসম

assam

ETV Bharat / state

35th Morigaon district day:মৰিগাঁও জিলা দিৱস উদযাপন - বিধায়ক ৰমাকান্ত দেউৰী

মৰিগাঁও জিলাৰ শান্তি আৰু প্ৰগতিৰ বাবে সমবেত হৈছে ৰাইজ ৷ শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে 35 সংখ্যক মৰিগাঁও দিৱসৰ কাৰ্যসূচী ৷

35th Morigaon district day
35 সংখ্যক মৰিগাঁও দিৱসৰ কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 2:34 PM IST

35 সংখ্যক মৰিগাঁও দিৱস

মৰিগাঁও, 14 অক্টোবৰ :35 বছৰীয়া হ’ল মৰিগাঁও জিলা ৷উলহ মালহৰে শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে 35 সংখ্যক মৰিগাঁও দিৱসৰ আৰম্ভণি কৰা হয় । শনিবাৰে 11 বজাত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে পতাকা উত্তোলন কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

ইয়াৰ পিচতে শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন আৰু আমাৰ মৰিগাঁও শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰে মৰিগাঁৱৰ ৰাইজে ৷ মৰিগাঁও জিলা দিৱস উপলক্ষে উলিওৱা বণাৰ্ঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে । এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ৷

লগতে উপস্থিত থাকে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, প্ৰাক্তন তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধি, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা প্ৰমুখ্যে জিলাখনৰ সকলো অতিৰিক্ত আয়ুক্ত ।

এই অনুষ্ঠানটোৰ আঁতধৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশ লয় দুটা গজৰাজেও । প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাই মৰিগাঁও চহৰত এক উখল-মাখলৰ পৰিৱেশৰ সৃষ্টি কৰে ৷

ইফালে শোভাযাত্ৰাৰ শেষত জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা শীৰ্ষক বাটৰ নাট প্ৰদৰ্শনৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে উদ্যোক্তাই । পতাকা উত্তোলন আৰু শোভাযাত্ৰা উদ্বোধন কৰি মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে জিলাখনৰ সকলো লোকে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাৱে অংশ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Russian citizen in Assam : নিজ হাতে সজা নাৱেৰে লুইতৰ বুকুৱেদি ভটিয়াই যাবলৈ সাজু ভাইচিলি

ABOUT THE AUTHOR

...view details