ধিং, ১৪ অক্টোবৰ : মৰিগাঁও জিলাবাসীৰ সহযোগত জিলা প্ৰশাসনে ১৪ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে মৰিগাঁও জিলা দিৱস । এই দিৱসত উদ্ভাসিত কৰা হৈছে জিলাখনৰ চহকী ঐতিহ্য আৰু পৰম্পৰা । আনহাতে, সাংস্কৃতিক দিশত চহকী মৰিগাঁও জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় কলা-কৃষ্টিক উপস্থাপন কৰাৰো প্ৰয়াস কৰা হৈছে এই দিৱসত (34th Morigaon District day observed) ।
সময়ৰ হিচাপত ৩৩ বছৰীয়া মৰিগাঁও জিলাৰ প্ৰথমবাৰলৈ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছে জিলা দিৱস । মৰিগাঁও জিলা দিৱসটি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা কৰিছে মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিস শৰ্মাৰ নেতৃত্বৰ মৰিগাঁও জিলা প্ৰশাসনে । মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিস শৰ্মাই দিন-ৰাতি একাকাৰ কৰি আৰম্ভণিৰে পৰাই দুদিনীয়া মৰিগাঁও জিলা দিৱস সফল আৰু সৰ্বাংগসুন্দৰৰূপে অনুষ্ঠিত কৰাৰ বাবে লোৱা প্ৰচেষ্টাত আজি প্ৰথমদিনাই সফলতা লাভ কৰিছে (Morigaon District day celebrated in Morigaon) ।
জিলা উপায়ুক্তগৰাকীয়ে মৰিগাঁও জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ সহায়-সহযোগিতা লাভ কৰাৰ ফলত আজি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে সমগ্ৰ মৰিগাঁও জিলাতে (Morigaon DC Debashish Sarma) । উল্লেখ্য, ১৯৮৯ চনৰ ১৪ অক্টোবৰত মৰিগাঁও জিলাৰ আনুষ্ঠানিক কাম-কাজৰ শুভাৰম্ভ হৈছিল । মৰিগাঁও জিলাৰ এচাম সংগ্ৰামী জনসাধাৰণৰ আপোচবিহীন স্থিতিৰ বাবে তদানীন্তন অসম গণ পৰিষদ দলৰ চৰকাৰে ১৯৮৯ চনত অবিভক্ত নগাঁও জিলাৰ অংশ, স্বকীয় ঐতিহ্য তথা পৰম্পৰাৰে সমৃদ্ধ মৰিগাঁৱক জিলা হিচাপে স্বীকৃতি প্ৰদান কৰে (AGP Govt declared Morigaon District) ।