অসম

assam

By

Published : Oct 31, 2019, 11:41 PM IST

ETV Bharat / state

দুই লাখ টকীয়া দুটা বিদ্যুৎ মাচুলৰ বিল ! হতবাক গৃহস্ত

মৰিগাঁৱত শক্তি বিতৰণ বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড ৷ গৃহস্তক দিলে লাখ টকীয়া বৈদ্যুতিক মাছুলৰ বিল ৷ উত্তাল প্ৰতিবাদ মৰিগাঁও শক্তি বিতৰণ বিভাগৰ কাৰ্যলয়ত ৷

মৰিগাঁৱত শক্তি বিতৰণ বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড

মৰিগাঁও, 31 অক্টোবৰ: মৰিগাঁৱত শক্তি বিভাগৰ আজৱ কাণ্ড । দুশ, ডেৰশ মাহিলি বিদ্যুত মাছুলৰ পৰিৱৰ্তে উপভোক্তাক প্ৰদান দুই লাখ টকীয়া দুখনকৈ বিদ্যুৎ মাছুলৰ বিল ৷ এখন বিল 2 লাখ 21 হাজাৰৰ বিপৰীতে আনখন বিল হৈছে 2 লাখ 24 হাজাৰ 495 টকাৰ ৷

সেয়েহে বৃহস্পতিবাৰে সন্ধিয়া মৰিগাঁও শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ । বিদ্যুৎ বিভাগ হায়-হায়, ঠিকাদাৰ মণি পাল হায়-হায়, ঠিকাদাৰৰ দাদাগিৰী নচলিব আদি শ্ল’গান দি উত্তাল কৰি তোলে পৰিৱেশ । উত্থাপিত অভিযোগ মতে, দীৰ্ঘদিন ধৰি মৰিগাঁও শক্তি বিভাগটোৰ অন্তৰ্গত দমাল বেটনি গাঁৱৰ ৰাইজক লাখ-লাখ টকীয়া বিদ্যুত মাছুলৰ জাননী জাৰি কৰি অযথা হাৰাশাস্তি প্ৰদান কৰি আহিছে বিভাগটোৱে ।

মৰিগাঁৱত শক্তি বিতৰণ বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড

ইপিনে অতিৰিক্ত মাছুল অহাৰ বাবে বিপাঙত পৰি দমাল আৰু বেটনি গাঁৱৰ ৰাইজে বিদ্যুৎ বিভাগক দিবলগীয়া ধন আদায় নিদিয়াৰ বাবে হঠাৎ কোনো আগজাননী নিদিয়াকৈ মৰিগাঁও বিদ্যুৎ বিভাগে বিদ্যুৎ কৰ্তন কাৰ্যই নানান সমস্যাত পেলাইছে স্থানীয় ৰাইজক ৷ বিদ্যুৎ কৰ্তনৰ ফলত বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল কাৰণ সমাগত মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী ।

লগতে চাওকঃমুম্বাইত মুকলি হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপৰ প্ৰতীক

ABOUT THE AUTHOR

...view details