অসম

assam

শনিবাৰৰ দিনটোৰ মৰিগাঁৱত দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু

By

Published : May 8, 2021, 11:02 PM IST

মৰিগাঁও জিলাত শনিবাৰৰ দিনটোত দুগৰাকী মহিলা ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ৷ ইয়াৰে এগৰাকী 80 আৰু আন গৰাকী 50 বছৰীয়া ৷ জিলাখনৰ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 4 জন ৷

শনিবাৰৰ দিনটোৰ মৰিগাঁৱত দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু
শনিবাৰৰ দিনটোৰ মৰিগাঁৱত দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু

মৰিগাঁও , 8 মে' : শনিবাৰে মৰিগাঁও জিলাৰ বিভিন্ন ক’ভিড টেষ্ট চেন্টাৰত 1748 গৰাকী ব্যক্তিৰ ক’ভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে 129 গৰকী ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি । শনিবাৰৰ দিনটোত মৰিগাঁৱৰ ক’ভিড ৰোগীৰ সংখ্যা 1352 জনলৈ বৃদ্ধি পালে ।

শনিবাৰৰ দিনটোৰ মৰিগাঁৱত দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু

পহিলা এপ্ৰিলৰ পৰা জিলাখনত মুঠ 46,094 গৰাকীক ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় । শনিবাৰলৈ মুঠ 503 গৰাকী ৰোগী সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিয়া হয় ৷ আনহাতে জিলাখনত ঘৰত থকা ৰোগীৰ সংখ্যা 791 গৰাকী আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 54 গৰাকীকৈ আক্ৰান্ত ৷

লগতে পঢ়ক :ডিফুত পথ দুৰ্ঘটনাত আহত এজন

ABOUT THE AUTHOR

...view details