অসম

assam

ETV Bharat / state

নেলী হত্যাকাণ্ডৰ মৃতকক শ্বহীদ ঘোষণা কৰাৰ দাবী - নেলী হত্যাকাণ্ডৰ মৃতকক শ্বহীদ ঘোষণা

বিদেশী বিতাড়নৰ নামত নেলীত নিৰ্মমভাৱে হত্যা কৰিছিল প্ৰায় 3000 ধৰ্মীয় সংখ্যালঘু লোকক ৷ যি সকল মানুহক হত্যা কৰা হৈছিল তেওঁলোকক শ্বহীদ ঘোষণা কৰাৰ ওপৰিও চৰকাৰীভাবে পোন্ধৰ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান আহ্বান জনায় আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে ৷

1983s NELI TRAGIC INCIDENT
নেলী হত্যাকাণ্ডৰ মৃতকক শ্বহীদ ঘোষণা

By

Published : Feb 18, 2020, 5:07 PM IST

নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰী : 1983 চনৰ 18 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল নেলীৰ গণহত্যা ৷ বিদেশী বিতাড়নৰ নামত একাংশই নিৰ্মমভাৱে হত্যা কৰিছিল প্ৰায় 3000 ধৰ্মীয় সংখ্যালঘু লোকক ৷ এই ঘটনাৰ তদন্তৰ অন্তত তিৱাৰী আয়োগে প্ৰদিবেদন দাখিল কৰিছিল যদিও সেই প্ৰতিবেদন ৰাজহুৱা কৰা নহ'ল ৷ ইয়াৰ প্ৰতিবাদত আৰু সেইসকল ভুক্তভোগীৰ ন্যায়ৰ দাবীত ক'লা দিৱস পালন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থা চমুকৈ আমছুৱে ৷ ৰাজ্যৰ বিভিন্ন স্থানত আমছুৱে ক'লা বেজ পৰিধান কৰি নেলী হত্যাকাণ্ডৰ উচিত বিচাৰৰ দাবী তোলে ছাত্ৰসংগঠনটোৱে ৷

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অসম আন্দোলনৰ সময়ত যি সকল মানুহক হত্যা কৰা হৈছিল তেওঁলোকক শ্বহীদ ঘোষণা কৰাৰ ওপৰিও চৰকাৰীভাবে পোন্ধৰ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান আহ্বান জনায়৷ তিৱাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰি যিসকল লোক এই হত্যাকাণ্ডৰ লগত জড়িত তেওঁলোকক কঠোৰতম শাস্তি প্ৰদান কৰাৰো দাবী আমছু নেতাগৰাকীৰ । অন্যথা আমছুৱে অনাগত দিনত সমগ্ৰ অসম ব্যাপী তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনায় আব্দুৰ ৰহমান বিশ্বাসে ।

নেলী হত্যাকাণ্ডৰ মৃতকক শ্বহীদ ঘোষণা কৰাৰ দাবী
নেলী হত্যাকাণ্ডৰ মৃতকক শ্বহীদ ঘোষণা কৰাৰ দাবী

আৰু পঢ়কঃ চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডঃ কি পৰ্যায়ত তদন্ত প্ৰক্ৰিয়া !

ABOUT THE AUTHOR

...view details