মৰিগাঁও , 21 নৱেম্বৰ :আজি অৰ্থাৎ মঙলবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মৰিগাঁও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় মৰিগাঁও অধিৱেশন । পুৱা ভাগত প্ৰয়াত প্ৰদীপ শইকীয়া সোঁৱৰণী গ্ৰন্থমেলা উদ্বোধন কৰে চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমল চন্দ্ৰ নাথে ।
আনহাতে, প্ৰয়াত দেৱেন্দ্ৰ নাথ হাজৰিকা সোঁৱৰণী বাণিজ্যিক মেলা উদ্বোধন কৰে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তামুলীয়ে । এই অনুষ্ঠানৰ আঁতধৰে আদৰণি সমিতিৰ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই ।
আজিৰ পৰা অনুষ্ঠিত মৰিগাঁও অধিৱেশনত ৰাজ্যখনৰ দহ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধিক আদৰণি জনাবলৈ সাজু আদৰণি সমিতি । ইয়াৰ পিচতে মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহ আৰু পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে কুইজ আৰু তৰ্ক প্ৰতিযোগিতা । আনহাতে, আজি নিশা ন বজাৰত মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব অন্তিমখন কাৰ্যনিৰ্বাহ সভা ।