মৰিগাঁও, 21 মে’ : মৰিগাঁৱৰ বহুকেইখন চিকিৎসালয় আৰু বহুকেইটা ক’ভিড চেণ্টাৰত বৃহস্পতিবাৰে 18-44 বছৰ বয়সৰ 2,350 গৰাকী লোকক প্ৰদান কৰা হৈছে প্ৰথম পালি ক’ভিশ্বীল্ড ৷ জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা সমগ্ৰ জিলাখনৰ 20 টাকৈ ক’ভিড চেণ্টাৰত 18 বছৰৰ উৰ্ধৰ লোকক ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হয় ৷
ইয়াৰ সমান্তৰালকৈ জাগীৰোডৰ জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো জাগী ভকতগাঁও ৰাজ্যিক চিকিৎসালয়ে 100 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰে ৷ আনহাতে, মৰিগাঁও জিলাৰ বাহিৰেও আন জিলাৰ পৰাও বহু লোকে অনলাইন পঞ্জীয়নৰ জৰিয়তে জাগী ভকতগাঁৱত ক’ভিড ভেকচিন গ্ৰহণ কৰে ৷ এই কথা সদৰি কৰে চিকিৎসালয়খনৰ মুখ্য চিকিৎসক ডাঃ সঞ্জয় পাটৰে ৷