মৰিগাঁও, 30 জুন :মৰিগাঁও জিলা (Morigaon District)ত ক'ভিড আক্ৰান্ত শিশুৰ সংখ্যা 1680গৰাকী । মঙলবাৰে এই তথ্য সদৰী কৰিছে মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ (Morigaon health department) ক'ভিড তত্বাৱধায়ক চিকিৎসক অৰুণ কুমাৰ নাথে । মহামাৰী ক’ৰণাত উদ্বেগজনকভাৱে আক্ৰান্ত হৈছে শিশু সকল ৷ সম্পূৰ্ণ কন্টেনমেন্ট জ’ন ৰূপে ঘোষিত মৰিগাঁৱত মঙলবাৰৰ দিনটোতে 18 টাকৈ শিশু আক্ৰান্ত হোৱাৰ লগতে যোৱা সপ্তাহত মুঠ 159 টি শিশু ক'ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
আনহাতে, যোৱা 1 এপ্ৰিলৰ পৰা জিলাখনত মুঠ 1680 টা শিশু আক্ৰান্ত হৈছে কৰ’ণা (corona) মহামাৰীত ৷ অৱশ্যে 18 বছৰৰ তলৰ এইসকল শিশু আৰোগ্য লাভ কৰিছে ৷ সেই হিচাপত শিশুৰ আৰোগ্যৰ হাৰ যথেষ্ট আশাব্যঞ্জক বুলি উল্লেখ কৰিছে মৰিগাঁও জিলা ক’ভিড কেয়াৰৰ তত্ত্বাৱধায়ক ডাঃ অৰুণ নাথে ৷
অৱশ্যে অনাগত দিনত ব্যাপকভাৱে চৰ্চিত "ডেল্টা প্লাছ" যাতে ভয়াৱহ ৰূপ ল’ব নোৱাৰে তাৰবাবে চৰকাৰ সতৰ্ক হৈ থকাৰ লগতে মৰিগাঁৱতো চিকিৎসা ব্যৱস্থা গঢ়ি তোলা বুলি জানিবলৈ দি সকলোকে ক’ভিড বিধি কঠোৰভাৱে মানি চলিবলৈকো আহ্বান জনাইছে ডাঃ অৰুণ নাথে ৷