অসম

assam

ETV Bharat / state

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ১৬২ বছৰীয়া কমিটি ভাওনাৰ শুভাৰম্ভ - ১৬২ সংখ্যক ত্ৰিবাৰ্ষিক চৰাইবাহী কমিটী ভাওনা

মৰিগাঁৱত ঐতিহ্যমণ্ডিত ১৬২ সংখ্যক ত্ৰিবাৰ্ষিক চৰাইবাহী কমিটী ভাওনাৰ শুভাৰম্ভ হয় । ১৮৫১ চনৰ ৰাণী ভিক্টোৰিয়াৰ দিনৰ পৰা প্ৰতি তিনি বছৰৰ ব্যৱধানত অনুষ্ঠিত হৈ আহিছে এই কমিটী ভাওনাখন ৷

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ১৬২ বছৰীয়া কমিটি ভাওনাৰ শুভাৰম্ভ

By

Published : Nov 10, 2019, 6:56 PM IST

মৰিগাঁও, 10 নৱেম্বৰঃ মৰিগাঁৱৰ চৰাইবাহীৰ ঐতিহ্যমণ্ডিত ১৬২ বছৰীয়া কমিটি ভাওনাৰ শুভাৰম্ভ হয় । বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ ধ্বনিত মুখৰিত চৰাইবাহীৰ আকাশ-বতাহ ৷

মৰিগাঁৱত ঐতিহ্যমণ্ডিত ১৬২ সংখ্যক ত্ৰিবাৰ্ষিক চৰাইবাহী কমিটী ভাওনাৰ শুভাৰম্ভ হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈ যায় ৷ এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । গায়ন, বায়নৰ খোল-তাল, ডবা নেগেৰা ছন্দত মুখৰিত হয় সমগ্ৰ চৰাইবাহীৰ আকাশ বতাহ । বিশেষকৈ একুৰি পাঁচ গৰাকী শ্ৰীকৃষ্ণ নৃত্য, ভাওৰীয়া, হৰি নাম, ডেকা গাভৰুৰ বিহু নৃত্যৰে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ১৬২ বছৰীয়া কমিটি ভাওনাৰ শুভাৰম্ভ

উল্লেখযোগ্য যে, ১৮৫১ চনৰ ৰাণী ভিক্টোৰিয়াৰ দিনৰ পৰা প্ৰতি তিনি বছৰৰ মূৰত অনুষ্ঠিত হৈ আহিছে এই ভাওনাখন ৷ চৰাইবাহীৰ কমিটী ভাওনাৰ এই বৰ্ষত ২৫ খনকৈ অংকীয়া ভাওনা একে সময়তে অনুষ্ঠিত হ'ব । গুৰুজনাৰ আদৰ্শৰে উদ্বুদ্ধ হৈ শৰতৰ পূৰ্ণিমাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই কমিটিৰ ভাওনাই ৰাজ্যৰ সাংস্কৃতিক জগতত বিশেষ তাৎপৰ্য বহন কৰিছে ।

ABOUT THE AUTHOR

...view details