অসম

assam

ETV Bharat / state

জন্ম দিৱসত ৰসৰাজক সুৱঁৰিলে সাহিত্যসভাই - অসম সাহিত্য সভা

ওপজা স্থানত ৰাসৰাজৰ জন্ম দিৱস পালন কৰিলে অসম সাহিত্য সভাই ৷ অনুষ্ঠানত অংশ লৈ সাহিত্যৰথী গৰাকীৰ প্ৰতিমূৰ্তিক এইখন চৰকাৰখনে উপেক্ষা কৰাটো সমীচিন হোৱা নাই বুলি নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ডঃ পৰমানন্দ ৰাজবংশীয়ে ।

মৰিগাঁৱত ৰসৰাজৰ জন্ম দিৱস পালন অসম সাহিত্য সভাৰ

By

Published : Oct 14, 2019, 5:29 PM IST

Updated : Oct 15, 2019, 2:21 PM IST


মৰিগাঁও , 14 অক্টোবৰঃ মৰিগাঁৱৰ আঁহতগুৰিৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা স্থানত অসম সাহিত্য সভাই পালন কৰিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৬ সংখ্যক জন্ম জয়ন্তী ৷ এই উপলক্ষে সোমাবাৰে পুৱা অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদকসহ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল উপস্থিত হৈ সাহিত্যৰথী গৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন ,বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে । সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ পৌৰহিত্যত আহতগুৰিৰ ৰাজহুৱা সভাগৃহত অনুষ্ঠিত মুকলি সভাত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ উদ্ধোধন কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই । সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম আৰু ওড়িয়া সাহিত্যৰ মাজত বিশেষকৈ সাহিত্যৰথী গৰাকীৰ সৃষ্টিৰাজিক আধাৰ ৰূপে লৈ অসম-ওড়িশাৰ সেতুবন্ধন ৰূপে সেৱা আগবঢ়াই অহা দীপক কুমাৰ পাণ্ডা ৷

মৰিগাঁৱত ৰসৰাজৰ জন্ম দিৱস পালন অসম সাহিত্য সভাৰ

আনহাতে সাহিত্যৰ কাণ্ডাৰী গৰাকীৰ ১৫৬ জন্মজয়ন্তীৰ এই অনুষ্ঠানত অংশ লৈ অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ডঃ পৰমানন্দ ৰাজবংশীয়ে । বিশেষকৈ সাহিত্যৰথী গৰাকীৰ প্ৰতিমূৰ্তিক এইখন চৰকাৰখনে উপেক্ষা কৰাটো সমীচিন হোৱা নাই বুলি মন্তব্য কৰি মন্ত্ৰী-বিধায়কক সমালোচনা কৰে সভাপতিজনে ৷ এই সভাতে ৰাজ্যৰ সাহিত্য-সংস্কৃতিলৈ বৰঙনি আগবঢ়োৱা কেইবাজনো ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা অনুষ্ঠানটোৰ আঁত ধৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই ৷

আনহাতে যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত থকা অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত মাত্ৰ কেইজনমান সাহিত্য সভাৰ কৰ্মকতাই বিশেষ দিনটোত বন্তি প্ৰজ্বলন আৰু মাল্যপণ কৰি দায়িত্ব পালন কৰে ৷

লগতে পঢ়কঃ কপিলীৰ বুকুত 7 দিনৰ অন্তত আৰম্ভ হ'ল উদ্ধাৰ অভিযান

Last Updated : Oct 15, 2019, 2:21 PM IST

ABOUT THE AUTHOR

...view details