অসম

assam

ETV Bharat / state

যাত্ৰীবাহী ভূটভূটি আৰু ফেৰী চলাচলত প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ - 144 sections issued in passenger boat and ferry movement

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পিছতে কঠোৰ হৈছে মৰিগাঁও জিলা প্ৰশাসন ৷ এক ইঞ্জিনযুক্ত ভূটভূটি নাও অথবা ফেৰী চলিব নোৱাৰিব ব্ৰহ্মপুত্ৰৰ বুকুত ।

144 sections issued in passenger boat and ferry movement on Brahmaputra
ব্ৰহ্মপুত্ৰত যাত্ৰীবাহী ভুটভুটি নাওঁ আৰু ফেৰী চলাচলত ১৪৪ধাৰা জাৰি

By

Published : Sep 13, 2021, 11:53 AM IST

মৰিগাঁও, 13 ছেপ্টেম্বৰ :সমগ্ৰ ৰাজ্য জোকাৰি যোৱা মাজুলীৰ নাও দুৰ্ঘটনাৰ পিছতেই এতিয়া তৎপৰ হৈছে মৰিগাঁও জিলা প্ৰশাসন । ইয়াৰ পৰিপ্ৰেক্ষিততে শনিবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই এক নিৰ্দেশনা প্ৰকাশ কৰি মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰত ভুটভুটি নাও আৰু ফেৰী চলাচলত ১৪৪ ধাৰা জাৰি কৰিছে ৷

ব্ৰহ্মপুত্ৰত যাত্ৰীবাহী ভূটভূটি আৰু ফেৰী চলাচলত প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ

প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰাৰ পাছতেই দেওবাৰে লাহৰীঘাটৰ কাঠনিৰ পাৰঘাটত লাহৰীঘাটৰ ৰাজহ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচু উপস্থিত হয় ৷ বিষয়াগৰাকীয়ে কাঠনি পাৰঘাটৰ সকলো ভূটভূটি নাও চালকক লাইফ জেকেট, লাইফ ব’ৰ্ড আৰু ডবল ইঞ্জিন ব্যৱহাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে ।

তৎপৰ মৰিগাঁও প্ৰশাসন

সমান্তৰালকৈ চক্ৰ বিষয়াগৰাকীয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আইনক অৱমাননা কৰা সকলো ভূটভূটি জব্দ কৰা হ’ব বুলি চালকসকলক সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক :ফেৰীৰ ইঞ্জিন সলনি কৰাৰ খৰচ বহন কৰিব চৰকাৰে : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details