মৰিগাঁও, 7 মে’ :সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো ক’ভিড-19ৰ পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এপ্ৰিলৰ পৰা জিলাখনত মুঠ 1036 গৰাকীৰ ক’ভিড আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত বৃহস্পতিবাৰে এগৰাকী মহিলা ৰোগীৰ মৃত্যু হৈছে । জানিব পৰা মতে, ঘৰতে শয্যাগত আছিল আশী বছৰীয়া মহিলা গৰাকীৰ । পৰিয়ালৰ কোনো সদস্যৰ ক’ভিডত আক্ৰান্ত হোৱাৰ পাচতে বৰ্ষীয়ান মহিলা গৰাকী আক্ৰান্ত হয় । এই গৰাকী ৰোগীৰ মৃত্যুক লৈ জিলাখনত ক’ভিডত মৃত্যুৰ সংখ্যা দুগৰাকীলৈ বৃদ্ধি পাইছে । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৃত ৰোগীৰ গৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হয় ।
আনহাতে মৰিগাঁৱৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত বৃহস্পতিবাৰে 1,754 গৰাকীক ক’ভিড-19ৰ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে 110 গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ ফলত বৃহস্পতিবাৰৰ দিনটোত মৰিগাঁৱৰ ক’ভিড ৰোগীৰ সংখ্যা 1036 জনলৈ বৃদ্ধি পাইছে । এপ্ৰিলৰ পৰা জিলাখনত মুঠ 41,494 গৰাকী লোকক ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় । জিলাখনৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ 443 গৰাকী ৰোগী সুস্থ হৈ উঠিছে ।