অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সত্ৰাধিকাৰৰ উৰুখা পঁজাত জুবিন

এখন বিশেষ ঘৰ, আচলতে ঘৰ নহয় জৰাজীৰ্ণ উৱলি যোৱা এটা জুপুৰী । ৰ'দ বৰষুণ বা ধুমুহাক সুৰক্ষা দিব নোৱাৰা ঘৰটোত বৃহস্পতিবাৰে উপস্থিত হয় অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ কিন্তু কিয় হঠাৎ উপস্থিত হ’ল শিল্পীগৰাকী ৷

By

Published : Jun 7, 2019, 11:42 AM IST

মাজুলীত জুবিন গাৰ্গ, সত্ৰাধিকাৰৰ উৰুখা প্ৰজাত শিল্পীগৰাকী

মাজুলী, 7 জুনঃসত্ৰভূমি মাজুলীৰ এখন ঐতিহাসিক সত্ৰৰ এগৰাকী সত্ৰাধিকাৰৰ এইটো ভগা জুপুৰী । যোৱা ২ জুনত এইগৰাকী সত্ৰাধিকাৰৰ সংগ্ৰাম আৰু দাৰিদ্ৰতাই শীৰ্ণ কৰা জীৱনৰ বাতৰি প্ৰকাশ পাইছিল ইটিভি ভাৰত অসমত ৷ ইয়াৰ পাচতেই নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গকো জোঁকাৰি গৈছিল এই সংবাদে । ইয়াৰ পাচতেই বৃহস্পতিবাৰে বিয়লি উপস্থিত হয় মাজুলী দলনি চামগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত । সত্ৰাধিকাৰৰ গৃহত উপস্থিত হৈ জুবিনে প্ৰতিশ্ৰুতি দিলে সত্ৰাধিকাৰ গৰাকীক সহায় কৰাৰ কথা । লগতে চৰকাৰ তথা ৰাইজকো এই ক্ষেত্ৰত দৃষ্টি দিবলৈ আহ্বান জনায় কণ্ঠশিল্পীগৰাকীয়ে ৷

মাজুলীত জুবিন গাৰ্গ, সত্ৰাধিকাৰৰ উৰুখা প্ৰজাত শিল্পীগৰাকী

সুদূৰ গুৱাহাটীৰ পৰা জুবিন গাৰ্গে সত্ৰাধিকাৰৰ খবৰ লোৱাৰ বিপৰীতে এগৰাকী সাংস্কৃতিক কৰ্মী মাজুলী জিলা প্ৰশাসনৰ মূৰব্বী হৈ থকাৰ পাছটো কোনো এজন লোকে খবৰ ল’বলৈ আহৰি নোহোৱাটোৱে এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷

বাতৰি প্ৰকাশৰ পাচতো মাজুলী প্ৰশাসনে গুৰুত্ব নিদিয়াত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাজুলীৰ সৰ্বত্ৰে ৷ দৰিদ্ৰতাই কোঙা কৰা সত্ৰাধিকাৰ গৰাকীয়ে জুবিন গাৰ্গ আহি তেখেতৰ গৃহত উপস্থিত হোৱাত আনন্দিত হৈ এখন ফুলাম গামোচাৰে সম্ভাষণ জনায় ।

ABOUT THE AUTHOR

...view details