মাজুলী, 26 অক্টোবৰ : মাজুলী ভকত চাপৰিত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে খহনীয়া । ত্ৰাহি মধুসূদন দেখিছে খহনীয়া গ্ৰস্ত ৰাইজে । পদুমনিৰ পৰা গৰুখুটিলৈকে সুদুৰ ৪ কি:মি: জাহ গ’ল নদীৰ বুকুত । উচন হ’ল চামগুৰিৰ কেইবাটাও পৰিয়ালৰ ঘৰ মাটি । সৰ্বহাৰাই কৰা আৰ্তনাদ এতিয়া কাৰো শুনিবলৈ আজৰি নাই । ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ৰূপায়ণ কৰা ৩০ কোটিৰো অধিক টকাৰ অভিলাষী আঁচনি নদীত বিলীন হোৱাৰ উপক্ৰম হৈছে ।
জিঅ’ বেগৰ এপ্ৰ’নে ৰক্ষা কৰিব নোৱাৰিলে অঞ্চটোক। সোমবাৰে ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী বৈষ্ণৱসহ উপস্থিত হয় অঞ্চলটোত,বুজ লয় খহনীয়াগ্ৰস্তৰ দুখ দুৰ্দশা । চামগুৰি অঞ্চলত সত্ৰাধিকাৰ গৰাকীয়ে মাংগলিক বিধি অনুসৰি পাৰত পূজা অৰ্চনা কৰি ভোগ দিলে বুঢ়া লুইতত । ভকতচাপৰিৰ ১৬ গাঁৱৰ ৰাইজৰ সহযোগত সত্ৰাধিকাৰ গৰাকীয়ে বৈদিক মন্ত্ৰ উচ্চাৰণ কৰি ভোগ দিয়ে । অঞ্চলটোৰ সুৰক্ষাৰ বাবে চৰকাৰক আহ্বান জনায় ।