মাজুলী,৬ মে': মাজুলী আৰু যোৰহাট সংযোগী সদাব্যস্ত অফলামুখ ফেৰী ঘাটত সঘনে দুৰ্ঘটনা, ফেৰীৰ বিজুতি আদি ঘটনা সংঘটিত হৈ আহিছে(Boat accident in Majuli) ৷ সঘনাই হৈ থকা এই অঘটনবোৰ দূৰ হোৱাৰ কামনাৰে আজি অফলামুখ ঘাটত ব্ৰহ্মপুত্ৰ বাবাক ভোগ অৰ্পণ কৰা পৰিলক্ষিত হয় ৷ মাজুলীৰ স্পৰ্শকাতৰ অঞ্চল সমুহতো ব্ৰহ্মপুত্ৰৰ কাল ৰূপ শাম কটাৰ উদ্দেশ্যে বৈদিক নীতি-নিয়মেৰে ব্ৰহ্মপুত্ৰত ভোগ অৰ্পণ কৰি ব্ৰহ্মপুত্ৰ বাবাক পূজা অৰ্চনা কৰে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে ৷
আভ্যান্তৰীণ জল পৰিবহন বিভাগ, অফলামুখ ব্যৱসায়ী সন্থা আৰু ব্যক্তিগত ফেৰীৰ মালিক সন্থাই কিছু দিনৰ পৰা অফলামুখ আৰু নিমাতীৰ মাজত ফেৰী চলাচলত ব্যাঘাত হোৱাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে অফলামুখ ফেৰী ঘাটত পূজা-পাৰ্বন কৰি ব্ৰহ্মপুত্ৰ বাবাক ভোগ অৰ্পণ কৰে । ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ যাদবৰায়ৰ শ্ৰী চৰণত সেৱা জনাই ভোগ প্ৰদান কৰে দক্ষিণপাট গৃহশ্ৰামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ।
বিশ্বাস অনুসৰি ব্ৰহ্মপুত্ৰ আৰু দক্ষিণপাট সত্ৰৰ মাজত এক নিবিড় সম্পৰ্ক আছে । কিছু বছৰ পূৰ্বে দক্ষিণপাট অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক ভয়াৱহ ৰূপ ধাৰন কৰিছিল । গৰাখহনীয়াৰ পৰা হাত সাৰিবৰ বাবে দক্ষিণপাট সত্ৰই ব্ৰহ্মপুত্ৰ বাবাক ভোগ দান কৰিছিল সেই ধাৰা সত্ৰ খনে বিভিন্ন সময়ত পালনো কৰি আহিছে ৷