মাজুলী, ১৪ জুন:বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সমগ্ৰ বিশ্ব তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো আয়োজন কৰা হয় এক বিশেষ কাৰ্যসূচী(World Blood Donor Day) । বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে মাজুলীৰ গড়মূৰ পীতাম্বৰ দেৱ জিলা চিকিৎসালয়ৰ সহযোগত মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত ৰক্তদানৰ ওপৰত এখনি সজাগতা সভাৰ লগতে ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়(Awareness meeting and blood donation camp in Majuli)। এই কাৰ্যসূচীত বিশেষ তৎপৰতাৰে অংশ গ্ৰহণ কৰে ৰঙাচাহি মহাবিদ্যালয়ৰ NSS ,RCSC আৰু IQAC য়ে ।
উক্ত সভাত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক শশীধৰ ফুকন, ডাক্তৰ মাণিক মিলিৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ লগতে সমূহ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানতে ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি জ্যেষ্ঠ চিকিৎসক ডাক্টৰ মাণিক মিলিৰ স্বৰচিত এটি সজাগতা মূলক গীত উন্মোচন হয় ।