মাজুলী,28 ফেব্ৰুৱাৰী: মাজুলীৰ শুকানসূঁতি গাঁৱৰ এগৰাকী মহিলাৰ জীৱনলৈ নামি অহা অন্ধকাৰৰ কথা শুনিলে প্ৰতিগৰাকী হৃদয়ৱান ব্যক্তিৰ অন্তৰ উচুপি উঠিব ৷
মহিলাগৰাকীৰ একমাত্ৰ উপাৰ্জনক্ষম স্বামীৰ এক মটৰ চাইকেল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়াৰ পাছত দৰিদ্ৰ পৰিয়ালটোৰ মুৰত সৰগ ভাগি পৰিছে । ঘৰৰ মাটি-বাৰী, গৰু-ছাগলী সকলো বিক্ৰী কৰি পোৱা ধনেৰে স্বামীৰ চিকিৎসা কৰি থকা মহিলাগৰাকীৰ বৰ্তমান ঘৰৰ ভেটিটো আৰু আঢ়ৈ বছৰীয়া ছোৱালীজনীৰ বাদে একো নাই !
স্বামীৰ চিকিৎসা ব্যয়ৰ বাবে যথেষ্ট আৰ্থিক অসুবিধাত পৰা মহিলাগৰাকীয়ে অজিৎ সিং ৰাজপুত নামৰ ব্যক্তিজনক সুস্থ কৰি অনাৰ বাবে আন একো উপায়হীন হৈ জীয়াই থকাৰ শেষ সম্বল আঢ়ৈ বছৰীয়া কন্যাজনীকে বিক্ৰী কৰিবলৈ আগবাঢ়িছে ।