অসম

assam

মাজুলীত বনৰীয়া ম'হৰ আক্ৰমণত আহত গুৱাল

By

Published : Jan 20, 2020, 10:56 PM IST

সোমবাৰে দিনৰ প্ৰায় 4 মান বজাত নিজৰ পোহনীয়া ম’হ কেইটা পথাৰৰ পৰা ঘৰলৈ খেদি আনে বিকুল মেধিয়ে । ঘৰৰ সমীপতে ম’হ কেইটা বান্ধিবৰ বাবে যোজা চলাওতেই হঠাত বনৰীয়া ম’হটোৱে খেদি আহি আক্ৰমণ কৰে । গোৱালে প্ৰাণ ৰক্ষাৰ বাবে ওচৰৰ প্ৰাথমিক বিদ্যালয় খনলৈ দৌৰি পলায় যদিও তাতো আক্ৰমণ কৰাত উপায়ন্তৰ হৈ ওচৰৰ পুখুৰীলৈ জপিয়াই দিয়ে ।

Wild Buffalo attack at Majuli
মাজুলীত বনৰীয়া মহৰ আক্ৰমণত আহত গুৱাল

মাজুলী,20 জানুৱাৰীঃমাজুলীত পুনৰ বনৰীয়া ম’হৰ আক্ৰমণ ৷ কথমপি প্ৰাণ ৰক্ষা গুৱালৰ ৷ এমাহ পূৰ্বে মাজুলীৰ গ্ৰেজিঙ চাপৰিত বনৰীয়া ম'হৰ আক্ৰমণত এজন গোৱালে প্ৰাণ দিব লগাৰ উত্তেজনা মাৰ নৌ যাওতেই সোমবাৰে জনবসতিপূৰ্ণ এলেকাতে বনৰীয়া ম’হে এগৰাকী গোৱালক আক্ৰমণ কৰে ৷ গুৰুতৰভাৱে আহত বিকুল মেধিক ততাতৈয়াকৈ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ সোমবাৰে দিনৰ প্ৰায় 4 মান বজাত নিজৰ পোহনীয়া ম’হ কেইটা পথাৰৰ পৰা ঘৰলৈ খেদি আনে বিকুল মেধিয়ে । ঘৰৰ সমীপতে ম’হ কেইটা বান্ধিবৰ বাবে যো-যা চলাওতেই হঠাত বনৰীয়া ম’হটোৱে খেদি আহি আক্ৰমণ কৰে । গোৱালে প্ৰাণ ৰক্ষাৰ বাবে ওচৰৰ প্ৰাথমিক বিদ্যালয় খনলৈ দৌৰি পলায় যদিও তাতো আক্ৰমণ কৰাত উপায়ন্তৰ হৈ ওচৰৰ পুখুৰীলৈ জপিয়াই দিয়ে ।

মাজুলীত বনৰীয়া মহৰ আক্ৰমণত আহত গুৱাল

উল্লেখ্য যে, ব্যক্তিজনক উদ্ধাৰৰ বাবে প্ৰত্যক্ষ দৰ্শী সকলে চেষ্টা কৰাৰ সময়তে ম’হটো পথাৰলৈ গুচি যায় । পাছত ব্যক্তি গৰাকীক গড়মূৰ অসামৰিক চিকিত্সালয়লৈ লৈ যায় । পেট , পিঠি আৰু ভৰিত গুৰুতৰ ভাবে আহত ব্যক্তি গৰাকীৰ এই ঘটনা ৰাজহুৱা হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছে । ইমানদিনে কেৱল চৰ চাপৰি অঞ্চলত ঘূৰি ফুৰা বনৰীয়া ম’হ জনবসতি পূৰ্ণ গাঁওলৈ প্ৰৱেশ কৰাত স্বাভাৱিকতে ভয়ত কোঙা হৈ পৰিছে অঞ্চল বাসী । বিষয় সন্দৰ্ভত বন বিভাগৰ তৎকালীন হস্তক্ষেপ বিচাৰিছে গাঁও বাসীয়ে ।

লগতে পঢ়ক-শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে

ABOUT THE AUTHOR

...view details