অসম

assam

ETV Bharat / state

চৰকাৰৰ ওপৰত ক্ষোভিত কিয় মাজুলীৰ সমবায় সমিতি সমূহ ? - FCI

ক’ভিড(COVID) সৃৃষ্ট পৰিস্থিতিৰ মাজতেই মাজুলীৰ দৰিদ্ৰ পৰিয়ালৰ বাবে আহিছে অন্য এক বিপদ । ৪ কোটি ৮০ লাখ টকা চৰকাৰে আৱন্টন নিদিয়াৰ প্ৰতিবাদত ভাৰতীয় খাদ্য নিগম(FCI) ৰ পৰা মাজুলীৰ সমবায় সমিতি সমূহে নুঠায় সকলো চাউল ।

Why are cooperative societies in Majuli angry with the government?
চৰকাৰৰ ওপৰত ক্ষোভিত কিয় মাজুলীৰ সমবায় সমিতি সমুহ ?

By

Published : Jun 12, 2021, 7:11 PM IST

মাজুলী, 12 জুন :চৰকাৰৰ অনিহাৰ বাবেই যেন মৃত্যু ঘন্টা বাজিছে মাজুলীৰ সমবায় সমিতি সমূহৰ । ক’ভিড(COVID) সৃৃষ্ট পৰিস্থিতিৰ মাজতেই মাজুলীৰ দৰিদ্ৰ পৰিয়ালৰ বাবে আহিছে অন্য এক বিপদ । ৪ কোটি ৮০ লাখ টকা চৰকাৰে আৱন্টন নিদিয়াৰ প্ৰতিবাদত ভাৰতীয় খাদ্য নিগম (FCI) ৰ পৰা মাজুলীৰ সমবায় সমিতি সমূহে নুঠায় সকলো চাউল ।

অভিযোগ অনুসৰি, ধাৰৰ বোজাত পোত গৈছে মাজুলীৰ সমবায় সমিতি সমূহ । ২০১৯ চনৰ পৰা কেন্দ্র ৰাজ্য চৰকাৰে মোকলাই দিয়া নাই ৪. ৮০ কোটি টকা ৷ যাৰ ফলত এতিয়া জুলাই মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ চাউলৰ যোগান বন্ধ কৰিব বুলিও জানিবলৈ দিছে সমবায় সমিতিয়ে । ক’ভিড(COVID) পৰিস্থিতিৰ মাজতে মাজুলীৰ সমবায় সমিতিৰ এই সিদ্ধান্তই সংকট মাতিছে মাজুলীৰ সাধাৰণ দৰিদ্ৰ পৰিয়াললৈ । যাৰ পৰিপ্ৰেক্ষিতত এক সংবাদ মেলৰ আয়োজন কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰে সমবায় সমিতিৰ বিষয়ববীয়াসকলে ৷ উক্ত সংবাদমেলত মাজুলী জিলাৰ ৬খন সমবায় সমিতিৰ বিষয়ববীয়াৰ লগতে সদৌ অসম সমবায় সমিতি সমূহৰ উপ সভাপতি প্ৰশান্ত কুমাৰ দাস উপস্থিত থাকে ।

লগতে পঢ়ক: ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ২.১৬ শতাংশলৈ হ্ৰাস

ABOUT THE AUTHOR

...view details