মাজুলী, 11 জুলাই :কোন হ’ব সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal) উত্তৰসূৰী ? এই প্ৰশ্নটোৱে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে ৷ মাজুলীত এতিয়া উপ-নিৰ্বাচনৰ (By Election) এতিয়া গৰম বতাহ বলিছে । আগন্তুক নিৰ্বাচনক লক্ষ্য ৰাখিয়ে শনিবাৰে মাজুলী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । ৰাজীৱ লোচন পেগুৰ (Rajib Lochan Pegu) বিজেপি গমনৰ দুৱাৰ বন্ধ কৰিলে মাজুলী জিলা বিজেপিয়ে ।
দলীয় টিকটৰ আশাত যোগদান কৰিব বিচৰা সকলৰ বাবে দুৱাৰ বন্ধ বিজেপিত । দলীয় কাৰ্যকতাৰ ভিতৰতে উপ-নিৰ্বাচন (By Election)ৰ পাৰ্থী নিৰ্বাচনৰ বাবে ৰাজ্যিক সমিতিক আহ্বান জনাইছে মাজুলী বিজেপি জিলা সমিতিয়ে । উল্লেখযোগ্য যে, শনিবাৰে মাজুলী খোনাচুকৰ প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘ সময় ধৰি কাৰ্যনিৰ্বাহ অনুষ্ঠিত হয় ৷ আনহাতে ৰাজীৱ ভৱনত কংগ্ৰেছে আয়োজন কৰা সংবাদ মেলত উপস্থিত নাছিল ৰাজীৱ লোচন পেগু (Rajib Lochan Pegu)। পদত্যাগী সভাপতি ৰাজীৱ লোচন পেগুৰ অনুপস্থিতিতে নতুন সভাপতি দধি বৰুৱাই দায়িত্ব গ্ৰহণ কৰে ।
উল্লেখযোগ্য যে, যোৱা ৯ জুলাইত মাজুলী জিলা কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত হৈ দধি বৰুৱাই দায়িত্ব গ্ৰহণ কৰে । একেদৰে যোৱা ৬ জুলাইত মাজুলীৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰাজীৱ লোচন পেগুৱে (Rajib Lochan Pegu) মাজুলী জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ।
ইপিনে কেন্দ্ৰীয় মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ অন্তৰ্ভুক্তিয়ে অৱশেষত অৱধাৰিত কৰি তুলিছে মাজুলী বিধানসভা সমষ্টি (Majuli Constituency)ৰ উপ-নিৰ্বাচন (By Election) । যদিওবা ইয়াক লৈ বিগত দুমাহে ৰাজ্যৰ ৰাজনীতিত ব্যাপক জল্পনা-কল্পনা চলিছিল, কিন্তু সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব নে নহয় তাক লৈও চৰ্চা অব্যাহত থকাত মাজুলীৰ উপ-নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিয়েও সঠিক গতি লোৱা নাছিল । কিন্তু এতিয়া বিজেপি (BJP)ৰ আভ্যন্তৰত মাজুলীক লৈ আৰম্ভ হৈছে ব্যাপক তৎপৰতা ।