অসম

assam

ETV Bharat / state

মাজুলীৰ ক'ত অনুষ্ঠিত হ'ল বিহু আদৰণি অনুষ্ঠান ? - Where was the Bihu welcome ceremony held in Majuli?

কি গাঁও, কি চহৰ সকলোতে এতিয়া ৰঙালীৰ পাৰভঙা উচাহ ৷ তাৰ মাজতে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ লগতে বিদ্যালয় পৰিচালনা সমিটিৰ বিষয়ববীয়া সকলেও অনুষ্ঠিত কৰিলে বিহু আদৰণি অনুষ্ঠান ৷

মাজুলীৰ ক'ত অনুষ্ঠিত হ'ল বিহু আদৰণি অনুষ্ঠান ?
মাজুলীৰ ক'ত অনুষ্ঠিত হ'ল বিহু আদৰণি অনুষ্ঠান ?

By

Published : Apr 13, 2021, 9:20 AM IST

Updated : Apr 13, 2021, 12:47 PM IST

মাজুলী,13 এপ্ৰিল : ৰাজ্যৰ চুকে-কোণে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। কি গাঁও কি চহৰ সকলোতে এতিয়া ৰঙালীৰ পাৰভঙা উচাহ ৷ তাৰ মাজতে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ লগতে বিদ্যালয় পৰিচালনা সমিটিৰ বিষয়ববীয়া সকলেও অনুষ্ঠিত কৰিলে বিহু আদৰণি অনুষ্ঠান ৷

পুৱাৰ ভাগত পৰম্পৰা অনুসৰি বন্দনা কাৰ্যসূচীৰে বিদ্যালয় আৰম্ভ হোৱাৰ পাচতে ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰিলে বিহু হুঁচৰি ৷ পৰিচালনা সমিতিৰ সভাপতি উপেন ভূঞা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰবিণ বৰুৱা প্ৰমুখ্যে বহু কেইগৰাকী ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত ছাত্ৰী সকলে একক বিহু আৰু দলীয় বিহু প্ৰদৰ্শন কৰে ।

মাজুলীৰ ক'ত অনুষ্ঠিত হ'ল বিহু আদৰণি অনুষ্ঠান ?

ছাত্ৰ-ছাত্ৰীৰ মাজত বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ উদ্দেশ্য শিক্ষক-শিক্ষয়িত্ৰী সকলেও প্ৰদৰ্শন কৰিলে বিহু হুঁচৰি ৷ শতাধিক ছাত্ৰ ছাত্ৰী অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত বিহু আদৰণি অনুষ্ঠানে ছাত্ৰ ছাত্ৰী সকলক অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ পৰম্পৰা সম্পৰ্কে ব্যৱহাৰিক ভাবে শিক্ষা দান কাৰ্যক অভিভাৱক সকলে শলাগ লয় ।

লগতে পঢ়ক: বোৱাৰী বিহু নামেৰে উদুলি-মুদুলি পৰিৱেশ ডিব্ৰুগড়ত

Last Updated : Apr 13, 2021, 12:47 PM IST

ABOUT THE AUTHOR

...view details