অসম

assam

ETV Bharat / state

হেমন্তৰ হৈমন্তিক আৱৰণৰ সময়তেই পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত মাজুলী

পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈছে মাজুলী ৷ হেমন্তৰ হৈমন্তিক আৱৰণৰ সময়তেই নদী দ্বীপখনলৈ আগমন ঘটিছে দেশী-বিদেশী অগনন পক্ষীৰ ৷ ব্যস্ত জীৱনৰ ক্লান্তি আঁতৰাই প্ৰাকৃতিক সৌন্দৰ্যত একাত্ম হ’বলৈ মাজুলীলৈ ঢাপলি মেলিছে বহু পৰ্যটক ৷

By

Published : Dec 5, 2021, 9:09 PM IST

as_maj_01_majulinews_vis3_as10026
হেমন্তৰ হৈমন্তিক আৱৰণৰ সময়তেই মাজুলীত গুঞ্জৰিছে পৰিভ্ৰমী পক্ষীৰ কাকলি

মাজুলী, 5 ডিচেম্বৰ : শৰত বাগৰি গোপনে হেমন্ত আহিল ৷ এই হেমন্ততে ৰূপ সলাই লাৱনী হৈ পৰিছে নদী দ্বীপ মাজুলী ৷ এক অনামী আবেগ আৰু অনিন্দ্য সৌন্দৰ্যৰ প্ৰয়োভৰৰ নাম মাজুলী ৷ এতিয়া পুৱা-গধুলি মাজুলী মুখৰিত হয় বিবিধ পক্ষীৰ কাকলি ৷ নদী দ্বীপটোৰ জলাশয়ত এতিয়া দেখা গৈছে পক্ষীৰ মিলন মেলা ৷

মাজুলীত পৰিভ্ৰমী পক্ষীৰ বিচৰণ

অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাইচুং, পূৱ মাজুলীৰ মাগুৰ মৰা, উজনিৰ ভকতিবিল, দক্ষিণপাট বৰপাচী, বৰখোৱাবাৰী, গৰৈমাৰি, টুনিকে আদি কৰি পক্ষী বিচৰণৰ জলাশয় সমূহত আলহি পক্ষীৰ ভিৰ পৰিলক্ষিত হৈছে ৷ হেমন্তৰ হৈমন্তিক আৱৰণৰ সময়তেই মাজুলীলৈ আগমণ ঘটিছে দেশী-বিদেশী অগণন পক্ষীৰ ৷ পুৱাৰ পৰা জাক জাক চৰাই চাবলৈ হাতত কেমেৰালৈ মাজুলীলৈ আহে পৰ্যটক ৷ ব্যস্ত জীৱনৰ ক্লান্তি আঁতৰাই প্ৰাকৃতিক সৌন্দৰ্যত একাত্ম হ’বলৈ ইয়ালৈ আহে বহু লোক ৷

কিন্তু অতি দুৰ্ভাগজনক কথাটো হ’ল মাজুলীৰ বহু জলাশয়লৈ পক্ষী অহা বৰ্তমান কমি গৈছে ৷ ইয়াৰ প্ৰধান কাৰণেই হৈছে প্ৰদূষণ ৷ তাৰোপৰি একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ অসৎ মনোভাৱৰ বাবেও হ্ৰাস পাইছে পক্ষীৰ আগমণ ৷ বিষাক্ত দ্ৰব্য দি মাজুলীৰ বিভিন্ন জলাশয়ত পক্ষী নিধন যজ্ঞ অব্যাহত ৰাখিছে একাংশই ৷

মাজুলীত গুঞ্জৰিছে পৰিভ্ৰমী পক্ষীৰ কাকলি

ইতিমধ্যে মাজুলীৰ ভিন্ন প্ৰান্তত দুষ্ট চক্ৰই পৰিভ্ৰমী চৰাই নিধন কৰি মাংসৰ ব্যৱসায় চলাই অহাৰ অভিযোগ পোৱা গৈছে । মাজুলীৰ বন বিভাগৰ হাতটো আহি পৰিছে বুলি এনে তথ্য । যাৰ বাবে বন-বিভাগৰ তৰফৰ পৰা মাজুলীৰ ভিন্ন প্ৰান্তত প্ৰচাৰ কৰিছে সতৰ্কতা সূচক ঘোষণা ৷ এই পক্ষী নিধন যজ্ঞৰ ক্ষেত্ৰত মাজুলী জিলা বন বিভাগে তৎপৰতা প্ৰদৰ্শন কৰে যদিও আজি পৰ্যন্ত কোনো দুস্কৃতিকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰিব নোৱাৰাত দুষ্কৃতিকাৰীয়ে সেই সুবিধা লৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷

দেশী-বিদেশী পৰ্যটকৰ আৰ্কষণৰ কেন্দ্ৰস্থল হিচাপে চিহ্নিত হৈ অহা এই জলাশয় সমূহলৈ পক্ষী অহাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে পৰিগণিত হোৱা বিষয়সমূহ বিশ্লেষণ কৰিবলৈ মাজুলীৰ বন বিভাগ, মাজুলী জিলা প্ৰশাসন আৰু পৰ্যটন বিভাগক দাবী জনাই আহিছে স্থানীয়ে সচেতন ৰাইজে ৷ এই বিষয়সমূহৰ চৰজমিন তদন্ত কৰি পক্ষী বিচৰণস্থলী সমূহৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰিলে অনাগত সময়ত মাজুলীয়ে এক সুকীয়া নিৰ্দশন তুলি ধৰিব বুলি মাজুলীৰ প্ৰকৃতিপ্ৰেমী সকলে মত প্ৰকাশ কৰিছে । বনবিভাগে পৰিভ্ৰমী চৰাই ৰক্ষণাবেক্ষণ দিবলৈ গৈ ঘোষণাতে নিজৰ দায়িত্ব সামৰিব, নে এনে কাৰ্যত জড়িত লোকক আটক কৰিব পাৰিব সেয়া লক্ষণীয় হ’ব অনাগত দিনত ।

লগতে পঢ়ক :বিশ্বৰ বজাৰত স্থান লাভ কৰিলে মাজুলীৰ ঐতিহ্য ‘ৰঙা বাওধানে’

ABOUT THE AUTHOR

...view details