মাজুলী, ১ ছেপ্টেম্বৰ:বৃহস্পতিবাৰৰ দিনটোত মাজুলীৰ মলুৱাল কলিতা গাঁৱৰ সদ্য প্ৰয়াত গজেন ৰাজখোৱাৰ দহা কৰ্মত গাঁওখনৰ ৰাইজে অংশগ্ৰহণ নকৰা বিষয়টোৱে চৰ্চা লাভ কৰিছিল । এই বিষয়টোৰ ওপৰত বিভিন্ন সংবাদ মাধ্যমত চৰ্চা লাভ কৰে । গজেন ৰাজখোৱাৰ দহা কৰ্মত মলুৱাল কলিতা গাঁৱৰ ৰাইজ উপস্থিত নোহোৱাৰ বাবে দহা কৰ্ম কৰি নোৱাৰিলে পৰিয়টিয়ে । প্ৰয়াত গজেন ৰাজখোৱা পৰিয়ালে উত্থাপিত কৰা আহোম সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰোৱাৰ বাবে এঘৰীয়া কৰা যি বাতৰি লৈ সমগ্ৰ অসম জুৰি প্ৰতিক্ৰিয়াৰ পাচতে আজি মলুৱাল কলিতা গাঁৱৰ ৰাইজে এক সংবাদ মেল সম্বোধন কৰে ।
গাঁওবাসীয়ে উল্লেখ কৰা মতে,আহোম সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰোৱাৰ বাবে গজেন ৰাজখোৱাৰ পৰিয়ালক এঘৰীয়া কৰা হোৱা নাই । ৰাইজে কয় যে ইয়াত ভিন্ন জাতি বৰ্ণৰ ভাষা ভাষীৰ লোকে একেলগে একেখন সমাজতে বসবাস কৰি সমিল মিলে দিন পাৰ কৰিছে । সদ্য প্ৰয়াত গজেন ৰাজখোৱাৰ দহা কৰ্ম আবিয়ই হোৱাৰ বাবেহে সমাজৰ মূল ব্যক্তিসকলে, শৰণ ভোজন লোৱা ব্যক্তিসকলৰ বাদে, গাঁৱৰ যিসকল অশৰণীয় লোক আছে তেওঁলোকৰ দ্বাৰা দহা কৰ্ম কৰাৰ কথা আছিল যদিও প্ৰয়াত গজেন ৰাজখোৱাৰ পৰিয়ালে সংবাদ মাধ্যমক দিয়া ভাষ্য অনুসৰি আহোমৰ ছোৱালী অনাৰ বাবে এঘৰীয়া কৰা বুলি মিছা ভাষ্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বুলি মন্তব্য গাঁওবাসীৰ ।