মাজুলী,১৩ মাৰ্চ :মাজুলীৰ দুই লক্ষ জনতাৰ দক্ষিণ পাৰৰ লগত যোগাযোগৰ একমাত্ৰ সম্বল অফলামুখ আৰু কমলাবাৰী পাৰ ঘাট (Ferry ghat in Majuli)। ইফালে প্ৰতিবছৰে দেশী-বিদেশী পৰ্যটকসকলো এই পাৰ ঘাটেৰে মাজুলী দৰ্শনৰ বাবে আহে । মাজুলীৰ প্ৰাকৃতি সৌন্দৰ্য উপভোগ কৰিবলৈ আহে পৰ্যটকসকল । কিন্তু আজিৰ তাৰিখত অফলামুখ পাৰ ঘাটৰ পৰিৱেশ যাত্ৰী তথা পৰ্যটকৰ বাবে অসহনীয় হৈ পৰিছে (Intolerable condition of Afolamukh ferry ghat)।
চাৰিওফালে কেৱল বালি আৰু ধূলি । অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে নিতৌ পাৰ হ'ব লগা হৈছে মাজুলীৰ ৰাইজ লগতে দেশী-বিদেশী পৰ্যটকসকল । মাজুলী লৈ অহা প্ৰতিগৰাকী দেশী-বিদেশী পৰ্যটকে অফলামুখ পাৰ ঘাটত সন্মুখীন হ'ব লাগে ধূলিমই পৰিৱেশৰ । মুকলি বতাহ আৰু সেউজীয়া নদী দ্বীপত ভৰি দিয়ে পৰ্যটকসকল সন্মুখীন হ'ব লাগে এই অস্বাস্থ্যকৰ পৰিৱেশৰ ।
প্ৰায় চাৰি মাহ ধৰি এনেকৈয়ে যাত্ৰীসকল নিতৌ অহা যোৱা কৰিবলগীয়া হৈছে । চৰকাৰী বিষয়া তথা নেতা-মন্ত্ৰী আহিলে এই ধূলিময় পৰিৱেশ ঢাকিবলৈ পানী চটিয়াই জিলা প্ৰশাসনে । কিন্তু নিতৌ অতি অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে পাৰ হোৱা সাধাৰণ নাগৰিকৰ অসুবিধাৰ প্ৰতি গুৰুত্ব নাই প্ৰশাসনৰ । প্ৰশাসন, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰতি সেয়ে ক্ষোভ উজাৰিলে যাত্ৰীসকলে (Passengers angry with IWT)।