মাজুলী, 4 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২০২১ চনৰ ২৯ নৱেম্বৰত মাজুলীৰ দক্ষিণপাটত যোৰহাট-মাজুলী সংযোগী দলং(Jorhat Majuli bridge) নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি মাজুলীক বহিঃবিশ্বৰ লগত সংযোগ কৰাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল ৷ মাজুলীবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথ প্ৰশস্ত হোৱাত স্বাভাৱিকতেই আনন্দিত হৈছিল নদীদ্বীপটোৰ বাসিন্দাসকল ৷ যোৰহাট-মাজুলী সংযোগী দলং দলংখনৰ নিৰ্মাণকাৰ্য অব্যাহত থকাৰ সময়তে মাজুলীবাসীয়ে লাভ কৰিলে আন এক সুখবৰ ৷
যোৰহাট-মাজুলী দলঙৰ খুঁটা পুঁতি থকাৰ সময়তে নামনি মাজুলীৰ চেলেক গাঁৱত আৰু লখিমপুৰ জিলাৰ ধূনাগুৰিত(MajuliLakhimpur bridge) দুখন দলং নিৰ্মাণৰ প্ৰস্তুতি চলাইছে চৰকাৰে ৷ অহা ১১ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নামনি মাজুলীৰ চেলেক ঘাটত ভূমি পূজনেৰে মাজুলী-লখিমপুৰ সংযোগী দুখন পকী দলঙৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰিব ।
অসম মালা আঁচনিৰ (Asom Mala programme)অধীনত প্ৰায় ৭২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব দলং দুখন । প্ৰথমখন দলং মাজুলীৰ চেলেক গাঁৱৰ খেৰকটীয়া নদীৰ ওপৰত আৰু দ্বিতীয়খন দলং লখিমপুৰ-ধূনাগুৰি অংশত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হ’ব । দুয়োখন দলঙৰ মাজৰ কানিয়াজানত এটা ৰাষ্ট্ৰীয় পথৰে সংযোগ কৰা হ'ব । উক্ত দলং দুখনৰ বাবে লখিমপুৰৰ বঙালমৰাৰ পৰা মাজুলীৰ বালিচাপৰিলৈকে এটা ৰাষ্ট্ৰীয় ঘাইপথৰে সংযোগ কৰা হ'ব (Lakhimpur to Majuli road)।