মাজুলী,14 জানুৱাৰী: আজি ভোগালী বিহু ৷ ভোগালী বিহুৰ দিনটোত পৰম্পৰা ৰক্ষা কৰি ৰাজ্যত বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে খেল ধেমালি প্ৰতিযোগিতা ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ মাজুলীতো ৰাইজে অনুষ্ঠিত কৰিলে ভোগালীৰ খেল-ধেমালি ৷ মাজুলীৰ দক্ষিণপাট কলিতাগাঁৱৰ ভেলাঘৰৰ বাকৰিত খেল-ধেমালি অনুষ্ঠিত কৰি ৰং-ধেমালিৰে একতা ৰক্ষাৰ নিদৰ্শন দাঙি ধৰিছে ৰাইজে ৷
ভোগালী বিহু উপলক্ষে মাজুলীত পৰম্পৰাগত খেল ধেমালি - Traditinal sports at Majuli on the occasion of Bhugali Bihu
মাজুলীৰ দক্ষিণপাট কলিতাগাঁৱৰ ভেলাঘৰৰ বাকৰিত খেল-ধেমালি অনুষ্ঠিত কৰি ৰং-ধেমালিৰে একতা ৰক্ষাৰ নিদৰ্শন দাঙি ধৰিছে ৰাইজে ৷

ভোগালী বিহু উপলক্ষে মাজুলীত পৰম্পৰাগত খেল ধেমালি
ভোগালী বিহু উপলক্ষে মাজুলীত পৰম্পৰাগত খেল ধেমালি
উল্লেখ্য যে,উৰুকা নিশা ভেলাঘৰত গাঁৱৰ সকলো মিলি এসাঁজ খোৱাৰ পাছত বৃহস্পতিবাৰে সমূহীয়াকৈ মেজি জ্বলাই সেৱা লয় ৰাইজে ৷ তাৰ পাছতে দিনযোৰা কাৰ্য্যসূচীৰে ৰচি টনা খেল,চকী খেল,বিভিন্ন ধৰণৰ প্ৰতিযোগিতা মূলক খেলৰ আয়োজন কৰা হয় ৷ মাঘ বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতা মূলক খেল বোৰত কণমানি শিশুৰ পৰা গাঁৱৰ বোৱাৰী জীয়ৰী সকলেও অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়কঃৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিত অন্তৰ্ভূক্ত নহ'ল কেইবাগৰাকীও জ্যেষ্ঠ নেতা