মাজুলী,7 ছেপ্টেম্বৰ:নদীদ্বীপ মাজুলীত ভিৰ বাঢ়িছে পৰ্যটকৰ(Majuli tourism) । ৰূপহী মাজুলীত পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু মুখা শিল্প(Mukha silpa of Majuli) । এই মুখা শিল্প চাবলৈ বিগত সময়ৰ দৰে এইবাৰো ভিৰ কৰিছে দেশী-বিদেশী পৰ্যটকে । লগতে দুৰ দুৰণিৰ পৰা অহা এই পৰ্যটকৰ দল সমূহে উপভোগ কৰিছে মাজুলীৰ নৈসৰ্গিক পৰিৱেশ ।
উল্লেখযোগ্য যে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ খনৰ ভিতৰতে উল্লেখযোগ্য মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ মুখা শিল্প । এই মুখা শিল্প চাবলৈ চামগুৰি সত্ৰত এতিয়া দেখা পোৱা গৈছে দেশী বিদেশী পৰ্যটকৰ ভিৰ। মূখা শিল্পৰ বাবে পৃথিৱী বিখ্যাত মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰত মূখা শিল্পৰ প্ৰতি আগ্ৰহী হৈ শিকিবলৈ আহে দেশী বিদেশী পৰ্যটক(Mask making in Majuli) । মূখা শিল্পৰ প্ৰতি থকা আগ্ৰহৰ বাবেই মাজুলীলৈ দৈনন্দিন সোত বৈছে শ শ পৰ্যটকৰ ।