Rangali Bihu 2022 : প্ৰতিকূল বতৰৰ মাজতে ৰঙালীক আদৰিছে লখিমপুৰবাসীয়ে
দুৱাৰদলিত হেঁপাহৰ ৰঙালী ৷ আজি গৰু বিহু ৷ প্ৰতিগৰাকী অসমীয়াৰ গা আজি হৈছে সাতখন-আঠখন (Rangali Bihu celebrates in Assam) ৷ প্ৰতিকূল বতৰকো নেওচি প্ৰতিগৰাকী অসমীয়া চহা কৃষক ওলাই আহিছে গৰু বিহু পালন কৰিবলৈ, ব্যতিক্ৰম নহয় লখিমপুৰবাসী ৷
অন্ধ্ৰ প্ৰদেশৰ এলুৰুত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ৬, আহত ১৩
অন্ধ্ৰপ্ৰদেশৰ এলুৰু জিলাত ভয়ংকৰ অগ্নিকাণ্ড(Massive fire accident in Eluru district) সংঘটিত । এটা ৰাসায়নিক কাৰখানাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে(Six people died in fire) । ১৩ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ।
আজি গৰু বিহু : উখল-মাখল হৈ পৰিছে ভোগদৈৰ বাকৰি
ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসীয়ে বৃহস্পতিবাৰে পালন কৰিলে গৰু বিহু ৷ সম্পূৰ্ণ দুবছৰৰ বিৰতিৰ মূৰত বিহু উদযাপন কৰিবলৈ পাই গাত তত নোহোৱা হৈছে প্ৰতিগৰাকী অসমীয়াৰ ৷ যোৰহাটৰ ভোগদৈ নৈৰ বাকৰিতো পুৱাৰ পৰাই উথপথপ পৰিৱেশে বিৰাজ কৰিছে ৷ কিয়নো মইনামাজি গাঁৱৰ ৰাইজে এইবেলি সমূহীয়াকৈ পালন কৰিছে গৰু বিহু(Goru Bihu celebrates in Jorhat) ৷
মাণিকপুৰত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ
অৰুণোদয় আঁচনিয়ে হাঁহি বিৰিঙাইছে ৰাজ্যৰ মহিলাসকলৰ মুখত । কিন্তু এতিয়াও বহুসংখ্যক মহিলা বঞ্চিত হৈ আছে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ পৰা । মাণিকপুৰৰ পাতিলাদহাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাসকল ওলাই আহিল ৰাজপথলৈ (Women protest deprived of Arunoday scheme)।
বৰপেটা-বঙাইগাঁৱৰ সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা : নিহত 2
বৰপেটা-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল কিচমৎ দ্বাৰিকাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Barpeta NH 31) ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক ৷ নিহত দুই যুৱক নলবাৰীৰ বেঞ্চিমাৰী জোপাগাঁৱৰ অনচুমা ৰামচিয়াৰী (20) আৰু মোহা বড়ো (18) বুলি জানিব পৰা গৈছে ৷