অসম

assam

ETV Bharat / state

কাৰাদণ্ডৰ শাস্তি সম্পূৰ্ণ কৰি মুকলি আকাশৰ তলত আলফা নেতা

অপহৰণৰ ঘটনাত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰিছিল আলফা নেতাজনে

By

Published : Feb 2, 2019, 4:07 PM IST

Updated : Feb 4, 2019, 5:32 PM IST

etv bharat

নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী : যাৱজ্জীৱন কাৰাগাৰৰ শাস্তি সম্পূৰ্ণ কৰি স্বগৃহলৈ উভতি আহিল আলফা নেতা। ১৯৯৭ চনতে এক অপহৰণৰ ঘটনাত জড়িত থকাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰিছিল আলফা নেতা মনি নেওগে।

majuli
এভাৰ্ড এন ই নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সচিব সঞ্জয় ঘোষক মাজুলীৰ পৰা অপহৰণ কৰিছিল মনি নেওগ সহ ১৭ জন আলফা নেতাই। এই ঘটনাৰ অভিযোগত দোষী সাব্যস্ত কৰি আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল মনি নেওগক। সুদীৰ্ঘ ১৮ বছৰ কাৰাগাৰৰ শাস্তি সম্পূৰ্ণ কৰাৰ পাচত শনিবাৰে স্ব-গৃহলৈ উভতি আহে আলফা নেতাজন। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই অহা মনি নেওগক অফলামূখ ফেৰী ঘাটত আদৰণি জনাই প্ৰাক্তন সতীৰ্থ সকলে।
Last Updated : Feb 4, 2019, 5:32 PM IST

ABOUT THE AUTHOR

...view details