মাজুলী, 15 ডিচেম্বৰ:অসমৰ এক প্ৰাচীন বৰ্ণিল কলাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অবিৰত সংগ্ৰাম চলাই গৈছে এগৰাকী চিত্ৰশিল্পীয়ে ৷ কিয়নো প্ৰায় 700 বছৰ পুৰণি সেই কলা আজি বিলুপ্তিৰ পথত ৷ যি কলাই জনপ্ৰিয়তা লাভ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনতে ৷ সেই কলা হৈছে সাঁচিপতীয়া পুথিচিত্ৰ অংকনৰ কলা ৷ পুথিচিত্ৰ অংকনৰ ক্ষেত্ৰত ব্যৱহৃত সাঁচিপাত প্ৰস্তুত প্ৰণালী, হেঙুল-হাইতাল তৈয়াৰৰ পদ্ধতিও আজি হেৰাই যোৱাৰ পথত ৷ বিলুপ্তিৰ পথত থকা এই কলাক পুনৰুজ্জীৱীত কৰাৰ পূৰ্ণ সংগ্ৰাম অব্যাহত ৰাখিছে চিত্ৰশিল্পী মৃদুল বৰুৱা আৰু জুলি বৰুৱাই ৷ মাজুলীত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণেৰে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়নৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ অধীনত, গড়মূৰ 'গুৰুগৃহত' সাঁচিপাতৰ প্ৰস্তুত প্ৰণালী, হেঙুল-হাইতাল তৈয়াৰৰ পদ্ধতিকে ধৰি ব্ৰজাৱলী ভাষাত পুথি চিত্ৰ অংকনৰ বাবে 20 গৰাকীকৈ লোকক প্ৰশিক্ষণ প্ৰদান কৰে দুয়োগৰাকী শিল্পীয়ে ৷
আধুনিক প্ৰযুক্তিবিদ্যা তথা কাৰিকৰী কৌশল হোৱাৰ পৰা যেন অসমৰ শংকৰী যুগৰ পৰাই প্ৰচলিত চহকী কলাবিধ হেৰাই গ'ল ৷ যিয়ে শংকৰী যুগৰ সাহিত্যিক সমলসমূহক আমাৰ মাজত চিনাকি কৰাই দিছিল ৷ কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্থান দখল কৰা মাজুলীৰ চিত্ৰশিল্পীগৰাকীয়ে আজিও সচিত্ৰ ভাগৱতৰ আৰ্হিত সাঁচিপাত অংকন কৰি অহাই নহয়, নৱ প্ৰজন্মৰ মাজত সেইসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ শিক্ষাও প্ৰদান কৰি আহিছে ৷ মাজুলীৰ গড়মূৰত "কলাভূমি" এটা অনুষ্ঠান ১৯৯৯ চনতে আৰম্ভ কৰি চিত্ৰশিল্পী গৰাকীয়ে নৱ প্ৰজন্মৰ মাজত এনেধৰণৰ শিক্ষা প্ৰদান কৰি আহিছে ৷