মাজুলী, 20 জুন :মাজুলীৰ সত্ৰাধিকাৰৰ হিয়াভগা কান্দোন শুনিলে জিলা প্ৰশাসনে । উপায়ুক্তৰ নিৰ্দেশত আঁহতগুৰি বৰসত্ৰত উপস্থিত হ’ল প্ৰশাসনৰ এটা দল । নিম্নমানৰ পাৰ্কুপাইনে সুৰক্ষা দিব নোৱাৰে অঞ্চলটো । আতন বুঢ়াগোঁহাইয়ে ৰমানন্দ দ্বিজৰ হতুৱাই প্ৰতিষ্ঠা কৰা মাজুলীৰ একমাত্র কাল সংহতিৰ আঁহতগুৰি বৰসত্ৰখন ৯ বাৰ ভেটি সলাই বিপন্ন হৈ পৰিছিল ।
লাচিত বৰফুকন, উদয়াদিত্য সিংহই শৰণ লোৱা সত্ৰখন খহনীয়াত জাহ জাবলৈ মাত্ৰ ২০০ মিটাৰ বাকী আছিল । শনিবাৰে ইটিভি ভাৰতত প্ৰকাশ পাইছিল সত্ৰাধিকাৰৰ হিয়াভগা কান্দোনৰ এটা বাতৰি ৷ এই বাতৰিৰ পিচতে দেওবাৰে আঁহতগুৰি বৰসত্ৰত উপস্থিত হয় প্ৰশাসনৰ এটা দল । গুৱাহাটীৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দুজনীয়া এটা দলে চাৰ্ভে চলাই অঞ্চলটোত ।
সত্ৰাধিকাৰ ৰূপচন্দ গোস্বামীৰ লগত বাৰ্তালাপ কৰি খহনীয়াৰ পৰিৱেশৰ বুজ লয় । পুনৰ সত্ৰাধিকাৰ গৰাকীয়ে দলটো উপস্থিত থকা অৱস্থাতে খহনীয়াত আত্মজাহৰ কথা উল্লেখ কৰি নিম্নমানৰ পাৰ্কুপাইনৰে খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰে বুলি উল্লেখ কৰে । দুই নম্বৰী জলসম্পদৰ পাৰ্কুপাইন আঁচনিৰ বিৰুদ্ধে ক্ষোভ উজাৰে সত্ৰাধিকাৰগৰাকীয়ে ৷ লগতে সত্ৰাধিকাৰ গৰাকীয়ে বুৰঞ্জীৰ পাতত আঁহতগুৰিক জীয়াই ৰাখিবলৈ দাবী জনায় ।