অসম

assam

By

Published : May 28, 2021, 2:35 PM IST

ETV Bharat / state

মাজুলীত টিম মাজুলীৰ প্ৰশংসনীয় পদক্ষেপ

মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । এই সময়ছোৱাত মাজুলীৰ ‘টিম মাজুলী’ নামৰ গোটটোয়ে মাজুলীৰ বিভিন্ন অঞ্চলত মাস্ক বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে ৷

team-majuli-distribute-mask-at-different-places-in-majuli
মাজুলীত "টিম মাজুলী" প্ৰশংসনীয় পদক্ষেপ

মাজুলী, 28 মে’ : কৰ'ণা মহামাৰীৰ ত্রাসত স্তব্ধ সমগ্ৰ ৰাজ্য । এই মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই সময়ছোৱাত মাজুলীৰ একাংশ যুৱক যুৱতীয়ে ‘টিম মাজুলী’ নামেৰে এটা গোটৰ জন্ম দিছে ।

মাজুলীৰ বিভিন্ন স্থানত এই ‘টিম মাজুলী’ নামৰ গোটটোয়ে মাক্সৰ সজাগতা আৰু ১০,০০০ মাস্ক বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে প্ৰায় ৫০০০ মাস্ক মাজুলীৰ বিভিন্ন অঞ্চলত বিতৰণ কৰে, তেনেদৰে শুকুৰবাৰেও মাজুলীৰ বিভিন্ন অঞ্চলত পায় ৫০০০ মাস্ক বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ ‘টিম মাজুলী’ নামেৰ এই গোটটোৰ কামক সচেতন মহলে প্ৰশংসা কৰিছে ।

মাজুলীত "টিম মাজুলী" প্ৰশংসনীয় পদক্ষেপ

উল্লেখ্য যে, নামনি মাজুলীৰ কৰ্দৈগুৰি, বিৰিণাবাৰী, ভালুকমৰা, কৌপতিয়া, পমুৱাকে ধৰি পাঁচখন গাঁৱত মাস্ক বিতৰণ কৰা হয় । আনহাতে, শালমৰা, চুমৈমাৰী, দক্ষিণপাট, ফুলনি, জেংৰাই, গুৱালাবাৰী, বনগাঁও, গড়মূৰ সত্ৰ, গড়মূৰ চিভিল তিনিআলি, দক্ষিণপাট কুমাৰ-কৈৱৰ্ত ইত্যাদি গাঁৱৰ বিভিন্ন অঞ্চলত মাস্ক বিতৰণ কৰে ।
লগতে পঢ়ক : মাজুলীত খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details