মাজুলী,৬ আগষ্ট :দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । তাৰ ভিতৰত অন্যতম হৰ ঘৰ তিৰংগা (Har Ghar Tiranga 2022)। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা কাৰ্যসূচীক সফল কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলি আছে । মাজুলীও ব্যতিক্ৰম নহয় ।
মাজুলীত আত্মসহায়ক গোটৰ মহিলাসকলে ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । ইয়াৰ মাজতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীক সফল কৰাৰ উদ্দেশ্যে মাজুলীৰ এখন বিদ্যালয়ে লৈছে আদৰণীয় পদক্ষেপ । বনগাঁওস্থিত শংকৰদেৱ শিশু নিকেতনে ৰাষ্ট্ৰীয় পতাকা বিতৰণৰ এক কাৰ্যসূচী হাতত লৈছে । যি সকল দৰিদ্ৰ লোকে ত্ৰিৰংগা পতাকা ক্ৰয় কৰিব নোৱাৰে সেইলোক সকলৰ মাজত এক হাজাৰ ত্ৰিৰংগা পতাকা বিতৰণ কৰাৰ কাৰ্যসূচী লৈছে বিদ্যালয়খনে ।