মাজুলী,২৬ মে':মাজুলীৰ একাংশ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ছাত্র-ছাত্ৰীক, শাৰীৰিক, মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে । শেহতীয়াকৈ মাজুলীৰ নামনি চেৰেপাই স্থিত "মাজুলী ইংলিছ স্কুলত" শিক্ষাৰ্থীক নিৰ্যাতন চলোৱা অভিযোগ উঠিছে (Student allegedly harassed in Majuli) ।
নাগালেণ্ডৰ পৰা পৰিচালিত এই মাজুলী ইংলিছ স্কুল নামৰ বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । বিদ্যালয় প্ৰাৰ্থনা সভাত ৩০ পৰা ৩৫ জন ছাত্ৰক চুলি কাটিলে শিক্ষয়িত্ৰীয়ে । জানিব পৰা মতে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত শিক্ষাৰ্থী সকলৰ নখ, চুলি নিৰীক্ষণ কৰিছিল বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে (Harassment of students in Majuli) ।
তাতেই ৩০ ৰ পৰা ৩৫ জন ছাত্ৰৰ চুলি দীঘল হৈ থকাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ চুলি কাটি দিয়ে । প্ৰাৰ্থনা সভাতে কেঁচিৰে খলাবমাকৈ ৩০, ৩৫ জন ছাত্ৰৰ চুলি কাটি কণ কণ ছাত্ৰসকলক মানসিক কষ্ট দিয়া কাৰ্যই অভিভাৱকসকলক চিন্তিত কৰি তুলিছে । প্ৰধান শিক্ষয়ত্ৰীৰ নিৰ্দেশত নিকি নামৰ শিক্ষয়ত্ৰীয়ে খলপা-খলপকৈ ছাত্ৰসকলৰ চুলি কাটি দিয়ে বুলি জানিব পৰা গৈছে (Students harassed for cleanliness in Majuli) ।