মাজুলী,২৩ আগষ্ট :সমন্বয় আৰু সমাজ সংস্কাৰৰ বাৰ্তাবাহক তৰুণ চন্দ্ৰ পামেগামৰ মৃত্যু দিৱসৰ প্ৰতি সংগতি ৰাখি অহা ৩০ আগষ্টত উন্মোচন কৰা হ'ব এক আবক্ষ মূৰ্তি । অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, মুক্তিযোদ্ধা, শিক্ষাবিদ, সাহিত্যিক, গণশিল্পী প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ ৩৮ সংখ্যক মৃত্যু দিৱসত (Eminent writer Tarun Chandra Pamegam death anniversary) এই মূৰ্তি উন্মোচন কৰা হ'ব । আনহাতে গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত পামেগামৰ মূৰ্তিটো উন্মোচন কৰা হ'ব (Statue of Tarun Ch Pamegam at Majuli)।
এক সংবাদমেল সম্বোধন কৰি মূৰ্তি উন্মোচনী কাৰ্যসূচী সন্দৰ্ভত সংবাদমাধ্যমক অৱগত কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙিয়াই (MAC Chief press meet)। তেওঁ উল্লেখ কৰা মতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু মাজুলীৰ বিশিষ্ট ব্যক্তি আৰু মিচিং জাতীয় সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত গঠন হোৱা উদযাপন সমিতিৰ সহযোগত গড়মূৰ পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত স্থাপন কৰা মূৰ্তিটো উন্মোচন কৰা হ'ব ।