মাজুলী, 10 নৱেম্বৰ : মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুলত ছাত্ৰীৰ হাহাকাৰ ৷ কোনদিশে ছাত্ৰীসকলৰ ভৱিষ্যত? 37 গৰাকীৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ কিয় হেতালি খেলিছে চৰকাৰে ? প্ৰতিষ্ঠানখনত দুমাহে যোগাৰ নহ’ল চকী, টেবুল, ডেস্ক-বেন্স ৷ ফলত পৰ্যাপ্ত সুবিধা নাপাই অন্য নাৰ্ছিং কলেজলৈ ঢাপলি মেলিছে ছাত্ৰী ৷
মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুলখন কেনেদেৰে চলিছে আজিৰ তাৰিখত এয়া এটা ডাঙৰ প্ৰশ্ন । পাঠদান আৰম্ভ হোৱা দুমাহ হ’ল, তাৰ পিচতো দুমাহে নিজৰ দুভৰিৰ ওপৰতে লিখা-পঢ়া কৰিব লগা হৈছে মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুলৰ ছাত্ৰীসকলে। নামতহে নাৰ্ছিং কলেজ, কিন্তু নাই কোনো সা-সুবিধা ।
পৰ্যাপ্ত আন্তঃগাথঁনি নথকাকৈ মাজুলী গড়মূৰত আৰম্ভ কৰা হৈছিল এখন নাৰ্ছিং স্কুল ৷ য’ত প্ৰথম বৰ্ষতে 39 গৰাকী ছাত্ৰীয়ে নামভৰ্তি কৰিছিল যদিও পৰ্যাপ্ত সুবিধা নাপাই অন্য নাৰ্ছিং কলেজলৈ ঢাপলি মেলিছে 2 গৰাকী ছাত্ৰীয়ে । এই বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা শ্ৰেণীসমূহ আৰম্ভ হৈছিল যদিও ছাত্ৰীসকলে শৈক্ষিক পৰিৱেশ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰতিষ্ঠানটোত দুমাহে নাহিল চকী, টেবুল, ডেস্ক-বেঞ্চ। নাই পৰীক্ষাগাৰৰ ব্যৱস্থা, নাই পুথিভঁৰালৰ সুবিধা। যি কাৰণত এতিয়া প্ৰতিষ্ঠানখনৰ ছাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।