অসম

assam

ETV Bharat / state

মাজুলীত উলহ-মালহেৰে উদযাপন শ্ৰীকৃষ্ণৰ জন্মাষ্টমী - কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত

আজি পবিত্ৰ জন্মাষ্টমী ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে পুৱাৰে পৰা খোল-তাল আৰু শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ নামঘৰ তথা সত্ৰ সমূহ ৷

sri-krishna-jonmastomi-observing-at-majuli
মাজুলীত উলহ-মালহেৰে উদযাপন শ্ৰী কৃষ্ণৰ জন্মাষ্টমী

By

Published : Aug 30, 2021, 5:28 PM IST

মাজুলী,30 আগষ্ট: আজি পবিত্ৰ জন্মাষ্টমী ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ সকলো সত্ৰ-নামঘৰত চলিছে ব্যাপক আয়োজন ৷ পুৱাৰে পৰা খোল তাল, শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰিত সত্ৰ নগৰী মাজুলী যেন দ্বিতীয় বৈকুণ্ঠ পুৰিলৈহে পৰিণত হৈছে ৷ ক'ভিড সৃষ্ট পৰিবেশ আৰু ভদীয়া বানৰ সংহাৰৰ মাজতে মাজুলীৰ 35 খন সত্ৰ আৰু চাৰি শতাধিক নামঘৰত পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ প্ৰতিটো নামঘৰ আৰু প্ৰতিখন সত্ৰত পুৱা ভাগৰে পৰা দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷

উল্লেখ্য যে, জন্মাষ্টমী উপলক্ষে সোমবাৰে মাজুলীৰ প্ৰতিটো নামঘৰ আৰু প্ৰতিখন সত্ৰত ভকত-বৈষ্ণৱে শ্ৰীকৃষ্ণ প্ৰভুৰ গুণানুকীৰ্তনৰ কৰাৰ লগতে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ সৃষ্টি ৰাজিক তুলি ধৰাৰ চেষ্টা চলাইছে ৷ ইফালে শ্ৰীকৃষ্ণ প্ৰভুৰ শ্ৰী চৰণত সেৱাই জনাই সকলোৱে এটাই বিচাৰিছে যে পৃথিৱীৰ পৰা ক'ভিড মহামাৰী অসূয়া শক্তি দুৰ হওক আকৌ পুনৰ শান্তি সমৃদ্ধি ঘুৰি আহক ৷

মাজুলীত উলহ-মালহেৰে উদযাপন শ্ৰী কৃষ্ণৰ জন্মাষ্টমী

উল্লেখ্য যে, হিন্দু সকলৰ এই পবিত্ৰ বিশ্বাসৰ সৈতে বহু কাহিনী জড়িত হৈ আছে ৷ এই পবিত্ৰ উৎসৱ উপলক্ষে ইতিমধ্যে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ লগতে অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালেও জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীক ওলগ জনাইছে ৷

ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল ৷ জন্মাষ্টমী উপলক্ষে ক'ভিড নীতি মানি সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে ৷ শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ চৌপাশ ৷ হিন্দুসকলৰ বিশ্বাস অনুসৰি যেতিয়া পৃথিৱীত অন্যায়-অত্যাচাৰেৰে ভৰি পৰিছিল, তেতিয়াই পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ আৰু শুদ্ধ পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে মানৱৰ ৰূপ ধৰি জন্ম গ্ৰহণ কৰিছিল ৷

লগতে পঢ়কঃশ্ৰীকৃষ্ণ জন্মাষ্টমী : ভক্তক আদৰিবলৈ সাজু মথুৰা-বৃন্দাবন

ABOUT THE AUTHOR

...view details